মেট্ৰিক পৰীক্ষাৰ অন্তিম দিনাই ৫জনকৈ পৰীক্ষাৰ্থীক আক্ৰমণ ৩০জনীয়া যুৱকৰ দলৰ! কিন্তু কিয়?........

assam

মেট্ৰিক পৰীক্ষাৰ অন্তিম দিনাই তিনিচুকীয়াত সংঘটিত চাঞ্চল্যক ঘটনা। তিনিচুকীয়াত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক আক্ৰমণ ৩০জনীয়া যুৱকৰ দলৰ। ৩০জনীয়া এটা উদণ্ড যুৱকৰ দলে ৫জনকৈ ছেণ্ট ষ্টিফেনচ স্কুলৰ ছাত্ৰক বগৰাই বগৰাই প্ৰহাৰ কৰে। 

উল্লেখ্য যে, পৰীক্ষাৰ শেষত ঘৰলৈ যোৱাৰ পথত ছেণ্ট ষ্টিফেনচ স্কুলৰ ৫ জনকৈ ছাত্ৰক প্ৰহাৰ কৰে যুৱকৰ দলটোৱে। যুৱকৰ প্ৰহাৰত ৰক্তাক্ত হৈ পৰিল ছেণ্ট ষ্টিফেনচ স্কুলৰ মেট্ৰিক পৰীক্ষাৰ্থী। সোমবাৰে সাৰ্বজনীন বিদ্যালয়ত অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা।

তেজেৰে ৰাঙলী হৈছে ৩জন ছেণ্ট ষ্টিফেনচ স্কুলৰ ছাত্ৰ ক্ৰমে জয় কজমাৰ শৰ্মা , নীতিন গুপ্তা, সর্ষ মহেশ্বৰী। আৰু দুজন ছাত্ৰ সামান্যভাৱে আঘাত প্ৰাপ্ত হয়।

আহত ছাত্ৰ কেইজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷ ঘটনাকলৈ সমগ্ৰ তিনিচুকীয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Category
Profile picture for user UB Photos