আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী........

himu

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ দিনজোৰা কাৰ্যসূচী। আজি গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰীৰ বিকাশ যাত্ৰা। GMCHলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। উদ্বোধন কৰিব ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠা।

মুখ্যমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে কঠোৰ নিৰাপত্তা বেষ্টনী। উঠাই দিয়া হৈছে পদপথৰ দোকানসমূহক। নতুন প্ৰকল্প উদ্বোধনৰ লগতে হ’ব ভূমিপূজন কৰিব মুখ্যমন্ত্ৰীয়ে। ৬৪০ কোটি টকা ব্যয়ৰে নিৰ্মাণ প্ৰকল্পৰ কৰিব উদ্বোধন। ক’ৰ ভৱনৰ লগতে পূৰবী দুগ্ধ প্ৰকল্পৰ কৰিব সম্প্ৰসাৰণ। 

সম্প্ৰসাৰিত পূৰবী দুগ্ধ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, নন্দিতা গাৰ্লোচা। কৃষিবাণিজ্য, গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অধীনত এই অনুষ্ঠান। পাঞ্জাবাৰীৰ পূৰবী ডেইৰীৰ চৌহদত প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। 

ডেইৰীৰ গাখীৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্পই সতেজ পেক কৰা গাখীৰ আৰু বিভিন্ন সামগ্ৰী যেনে পনীৰ, দৈ, সোৱাদযুক্ত গাখীৰ, ক্ৰীম, ঘিউ আদি প্ৰস্তুত কৰি ৰাজ্যৰ অৰ্থনীতি নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদ্বোধন কৰিব বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান PET CT। 

উঃ গুৱাহাটী-উমানন্দ মডুলাৰ টাৰ্মিনেলৰ হ’ব ভূমিপূজন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰকাৰৰ বিশেষ অনুষ্ঠান। আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। 

আত্মসমৰ্পণকাৰী আলফাৰ বাবে পুঁজি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আলফাৰ নিকটাত্মীয়লৈও প্ৰদান কৰিব আৰ্থিক সাহায্য। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, DGP জি পি সিং। ৮৫২ সদস্যক ৪ লাখ টকালৈ সাহায্য প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

Category