ৰাজ্যৰ ১১ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত! বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত থাকিব নতুন মুখ........

himu

আজি চূড়ান্ত হ'ব অসমৰ ১১ টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। শীঘ্ৰে দিল্লীৰ পৰা প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা।

উল্লেখ্য যে, লোকসভাৰ প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে অসমৰ ৪ সাংসদে। জানিব পৰা মতে, কেইবাখনো নতুন মুখে তালিকাত স্থান পোৱাৰ সম্ভাৱনা। পুৱতি নিশালৈকে চলিল সংসদীয় সমিতিৰ বৈঠক।

১৩ খন ৰাজ্যৰ প্ৰাৰ্থিত্বকলৈ আলোচনা বৈঠকত। জে পি নাড্ডাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল বৈঠক। পুৱতি নিশালৈ চলা বৈঠকৰ অন্তত চূড়ান্ত হ’ল তালিকা।

এই আলোচনাত উপস্থিত আছিল প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী শ্বাহ, খ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যিক বিজেপিৰ সভাপতিও।
 

Category
Profile picture for user UB Photos