চাকৰিৰ প্ৰলোভন দি বহিঃ ৰাষ্ট্ৰত বিক্ৰী অসমীয়া যুৱক-যুৱতী! ৰাইজৰ ৰোষত প্ৰৱঞ্চক.......

assam

ৰাজ্যত ভুৱা আন্তৰ্জাতিক দালাল দলৰ অতপালি। সোণতলীত ৰাইজৰ ৰোষত পৰিল প্ৰৱঞ্চক। সোণতলী ৰাইজে কৰায়ত্ত কৰে মোজাম্মেল হক নামৰ প্ৰৱঞ্চকক।

জানিব পৰা মতে, বহিঃৰাষ্ট্ৰত চাকৰি দিম বুলি ধন লুট প্ৰৱঞ্চকৰ। প্ৰৱঞ্চকৰ দলৰ মাষ্টৰ মাইণ্ড আছিল মোজাম্মেল হক। মোজাম্মেল হকক ৰাইজে কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।

উল্লেখযোগ্য যে, চাকৰিৰ প্ৰলোভন দি বহিঃ ৰাষ্ট্ৰত অসমীয়া যুৱক-যুৱতীক বিক্ৰী কৰাৰ অভিযোগ লম্পট যুৱক মোজাম্মেল হকৰ বিৰুদ্ধে। প্ৰৱঞ্চক মোজাম্মেলক ৰাইজে কৰায়ক্ত কৰি গতাই দিলে কামৰূপৰ  সোণতলী আৰক্ষীক। 

উল্লেখ্য যে, কিছুদিন পূৰ্বে সোণতলীৰ আৰিকাটি গাঁৱৰ দানেজ আলী আৰু ওচমান গনিৰ পৰা মোজাম্মেল হকৰ নেক্সাচ গেঙে বহিঃ ৰাষ্ট্ৰত চাকৰি দিয়াৰ টোপ দেখুৱাই সংগ্ৰহ কৰিছিল তিনি লক্ষাধিক টকা।

কিন্তু টকা লোৱাৰ পিছতে দুয়োজন যুৱকৰ লগত যোগাযোগ বিছিন্ন কৰিছিল লম্পট প্ৰৱঞ্চক মোজাম্মেল হকে।

Category
Profile picture for user UB Photos