হাইলাকান্দিত ৰাইজে গছত বান্ধি থলে এহাল বিবাহিত পুৰুষ মহিলাক! কিন্তু কিয়?.......

hailakandi

হাইলাকান্দিত বিবাহ কৰিবলৈ যাওতে ৰাইজে গছত বান্ধি থলে এহাল পুৰুষ মহিলাক। স্বামী পুত্ৰ এৰি আন এগৰাকী বিবাহিত পুৰুষৰ সৈতে পলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল মহিলাগৰাকী। 

উল্লেখ্য যে, নিশাৰ এন্ধাৰত ঘৰ এৰি পলাবলৈ লোৱাৰ সময়তে ৰাইজে হাতেলোটে ধৰে মহিলা গৰাকীক। ঘটনাস্থলীত ৰাইজে আটক কৰে প্ৰেমিক আলতাফ হুচেইন বড়ভূঞা নামৰ এজন ব্যক্তিক। হাইলাকান্দি চহৰৰ বেচিক চাৰিআলি এলেকাত সংঘটিত হৈছে এই ঘটনা। 

ৰাইজে প্ৰেমিকহালক হাতেলোটে ধৰি গছত বান্ধি ৰাখি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ প্ৰেমিক যুগলক আটক কৰি থানাত লৈ যায়। 

উল্লেখযোগ্য যে, মহিলা গৰাকীৰ এটি এবছৰীয়া পুত্ৰ সন্তানো আছে। আনহাতে, প্ৰেমিক আলতাফ হুচেইনো দুই সন্তানৰ পিতৃ। এই ঘটনাকলৈ এতিয়া অঞ্চলটোত সৰৱ চৰ্চা। 

Category
Profile picture for user UB Photos