সুদখোৰৰ ভয়ংকৰ কাণ্ড! সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই কিডনী বিক্ৰী......

assam

অসমৰ বাজেট অধিৱেশনত সুদখোৰৰ বিৰুদ্ধে হুংকাৰ দিছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীৰ হুংকাৰকো কেৰেপ নকৰে একাংশ সুদখোৰে। 

পুনৰ ৰাজ্যত সুদখোৰৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এইবাৰ সুদলৈ লোৱা ধন ওভতাই দিব নোৱাৰা লোকৰ কিডনী বিক্ৰী কৰা হৈছে। কিডনী বিক্ৰী কৰিয়েই আদায় কৰিলে সুদৰ ধন। এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে বঙাইগাঁৱৰ অভয়াপুৰীত।

উল্লেখ্য যে, অভয়াপুৰীৰ ওৱাছিৰ আহমেদ ওৰফে ধনো হ'ল ৰঙাঘৰৰ আলহী। জানিব পৰা মতে, প্ৰায় এবছৰ মান পূৰ্বে খলিল শ্বেখ নামৰ লোকজনে ওৱাছিৰ আহমেদৰ পৰা প্ৰায় ৫০ হাজাৰ টকাৰ সুদ লৈছিল। খলিল শ্বেখে পত্নীৰ অসুস্থতাৰ বাবে ওৱাছিৰ আহমেদৰ পৰা লৈছিল ধন।

কিন্তু, ধন আদায় দিব নোৱাৰাত ৫০ হাজাৰ টকা হৈছিল গৈ প্ৰায় ৫ লাখ মান টকা। ধন ওভতাবলৈ নোৱাৰাৰ বাবেই ওৱাছিৰ আহমেদে কিডনী বিক্ৰীৰ প্ৰস্তাৱ দিছিল খলিল শ্বেখক। খলিলে কিডনী বিক্ৰীৰ বাবে অমান্তি হোৱাত আহমেদে মানসিক হাৰাশাস্তি কৰিছিল বুলিও জানিব পৰা গৈছে।

অৱশেষত ই-ৰিক্সা চলায় পেট পুহা  খলিল শ্বেখ হৈ পৰিছিল উপায়ন্তৰ। সেয়েহে কলকাতাত গৈ খলিল শ্বেখে বিক্ৰী কৰে তেওঁৰ এটা কিডনী। কিডনী বিক্ৰী কৰি পোৱা ধনেৰে আদায় দিয়ে ওৱাছিৰ আহমেদৰ ধন।

সমগ্ৰ ঘটনা সন্দৰ্ভত অভয়াপুৰী থানাত গোচৰ ৰুজু কৰা হৈছে। ১৭ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ ওৱাছিৰক। শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাকলৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

Category
Profile picture for user UB Photos