লোকসভা নিৰ্বাচনত ১২ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা! কোনে কোনে ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব?.......

bjp assam

লোকসভা নিৰ্বাচনত ১২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BJPএ! ইতিমধ্যেই ১২টা সমষ্টিৰ বাবে বিজেপিৰ পৰ্যবেক্ষকৰ তালিকা ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, যোৰহাটৰ পৰ্যবেক্ষক জয়ন্ত মল্লবৰুৱা, পুলক গোহাঁই। ডিব্ৰুগড়ৰ পৰ্যবেক্ষক ৰণজিৎ কুমাৰ দাস, মনোজ বৰুৱা। লখিমপুৰৰ পৰ্যবেক্ষক সঞ্জয় কিষাণ, ৰূপক শৰ্মা। শোণিতপুৰৰ পৰ্যবেক্ষক যোগেন মহন, অজয় কোঁৱৰ। কাজিৰঙাৰ পৰ্যবেক্ষক পীযুষ হাজৰিকা, পল্লৱলোচন দাস।

আনহাতে, নগাঁৱৰ পৰ্যবেক্ষক কামাখ্যা প্ৰসাদ তাছা, ৰেখাৰাণী দাস বড়ো। শিলচৰৰ পৰ্যবেক্ষক নন্দিতা গাৰ্লোছা, জয়ন্ত কুমাৰ দাস। কৰিমগঞ্জৰ পৰ্যবেক্ষক অজন্তা নেওগ, বিজুলী কলিতা মেধি। ডিফুৰ পৰ্যবেক্ষক ডাঃ ৰণোজ পেগু, দীপ্লুৰঞ্জন শৰ্মা।

লগতে, গুৱাহাটীৰ পৰ্যবেক্ষক পৰিমল শুক্লবৈদ্য, অজয় কোঁৱৰ। দৰং-ওদালগুৰিৰ পৰ্যবেক্ষক চন্দ্ৰমোহন পাটোৱাৰী, নৱ দলে। ধুবুৰীৰ পৰ্যবেক্ষক পবিত্ৰ মাৰ্ঘেৰিটা, বিজয় কুমাৰ গুপ্তা।

উল্লেখযোগ্য যে, ২৭ ফেব্ৰুৱাৰীত সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰেৰণৰ নিৰ্দেশ। তালিকাত নাই কোকৰাঝাৰ আৰু বৰপেটা সংসদীয় সমষ্টি। কোকৰাঝাৰ সমষ্টি UPPLক এৰি দিয়াৰ সম্ভাৱনা। বৰপেটা সমষ্টি অসম গণ পৰিষদক এৰি দিয়াৰ সম্ভাৱনা।

Category
Profile picture for user UB Photos