পুনৰ বিপদত শিলসাঁকোৰ পাৰৰ বাসিন্দা! তিনিটাকৈ পৰিয়ালৰ বাসগৃহ উচ্ছেদ........

Eviction

আজি মহানগৰীৰ শিলসাঁকোত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ। পাথৰকুঁৱেৰীৰ মেগজিনৰ বিষ্ণু নগৰত GMDA আৰু জিলা প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। এই উচ্ছেদ অভিযানত ইতিমধ্যেই তিনিটাকৈ বাসগৃহ ভাঙি পেলোৱা হৈছে।

উল্লেখ্য যে, নিতুল লহকৰ, ৰুবুল লহকৰ, সৰলা পাটগিৰিৰ ঘৰ ইতিমধ্যেই উচ্ছেদ কৰা হৈছে। জানিব পৰা মতে, শিলসাঁকো পাৰৰ বাসিন্দা সকলে উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু এই গোচৰত উচ্চতম ন্যায়ালয়ে স্থাগিতাদেশ জাৰি কৰিছিল। 

কিন্তু, আদালতে প্ৰশাসনৰ সপেক্ষে ৰায়দান কৰাত GMDA এ আজি পুনৰ শিলসাঁকো পাৰত উচ্ছেদ অভিযান আৰম্ভ কৰে। লগতে, শিলসাঁকোৰ পাৰত অবৈধভাৱে মাটি দখল কৰি ঘৰ নিৰ্মাণ কৰা লোকসকলৰ ঘৰ উচ্ছেদ কৰা হ’ব বুলি ৰাজ্য চৰকাৰে জনাইছিল। 

উল্লেখ্য যে, ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো উচ্ছেদ অভিযান চলিছিল প্ৰশাসনে। ইয়াৰ পিছতেই উচ্ছেদিত লোকসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। 

Category
Profile picture for user UB Photos