আশ্বয্যকৰ বিষয়! আচলতে ৰাজ্যত সঘনাই কি হ'ব লৈ ধৰিছে? বিগত ১০ দিনত ৰাজ্যত ৩টাকৈ সংঘটিত হৈছে নিৰুদ্দেশৰ ঘটনা। পুনৰ গুৱাহাটী মহানগৰীৰ পৰা সন্ধানহীন তিনিগৰাকী স্কুলীয়া ছাত্ৰী। ১৭ ফেব্ৰুৱাৰীৰ পৰাই ছাত্ৰীকেইগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোক সকলে। এনেদৰে ইটো পিছত সিটো সন্ধানহীনৰ ঘটনাই সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে, প্ৰাগজ্যোতিষপুৰ আৰক্ষী-পানীখাইতি আৰক্ষীৰ যৌথ অভিযানত মহানগৰীৰ নিৰুদ্দিষ্ট স্কুলীয়া ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সোমবাৰে নিশা উদ্ধাৰ কৰা হয় ৩ ছাত্ৰীক। সোণাপুৰৰ কমলাজাৰীৰ পৰা উদ্ধাৰ ছাত্ৰী তিনিগৰাকীক। সম্প্ৰতি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে।
ঘটনাৰ বিবৰণ অনুসৰি, ১৭ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন মহানগৰীৰ তিনি গৰাকীকৈ ছাত্ৰীৰ। বীৰকুছিৰ ৰিয়া তিমুং, বোন্দাৰ ৰশ্মি সোণাৰ, আমগাঁৱৰ ৰশ্মি শৰ্মা নামৰ ছাত্ৰী কেইগৰাকী সন্ধানহীন বুলি জানিব পৰা গৈছে। আটাইকেইগৰাকী ছাত্ৰীয়েই নৱম শ্ৰেণীত অধ্যয়নৰত বুলি জানিব পৰা গৈছে। বীৰকুছিৰ ৰঘুনাথ চৌধুৰী হিন্দী বিদ্যালয়ৰ ছাত্ৰী আছিল তিনিওগৰাকী।
জানিব পৰা মতে, ১৭ ফেব্ৰুৱাৰীত এগৰাকী বান্ধৱীৰ ঘৰলৈ গৈছিল তিনিও আৰু তাৰ পৰাই ৰহস্যজনকভাৱে ঘৰলৈ ঘূৰি নাহিল ছাত্ৰীকেইগৰাকী। প্ৰাগজ্যোতিষপুৰ থানাত ছাত্ৰীকেইগৰাকীৰ পৰিয়ালৰ এজাহাৰ দাখিল। এগৰাকী ছাত্ৰীৰ হাতত আছিল এটা ম’বাইল ফোন। ৰহস্যজনকভাৱে ছুইটছ অফ হৈ আছিল ম’বাইল ফোনটো।
- Log in to post comments