ৰন্ধন প্ৰণালীত জালুকৰ ব্যৱহাৰ সকলোৱে জানে! কিন্তু ঔজন কমোৱাত যে জালুকে সহায় কৰে আপুনি বাৰু জানেনে?......

black pepper

ৰন্ধন প্ৰণালীত ব্যৱহৃত জালুকৰো আছে অসাধাৰণ গুণ। থলুৱা ভাষাত জালুকক বহুতে ক'লামৰিচ বা গোলমৰিচ বুলিও কয়। এইবিধ মচলা জাতীয় খাদ্যৰ গুণাগুণ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও।

১. জালুকে শৰীৰৰ বিষ কমোৱাৰ লগতে মেদ কমোৱাত বিশেষভাৱে সহায় কৰে। শীতকালত জালুক খোৱাটো স্বাস্থ্যৰ বাবে অতিকৈ উপযোগী। জ্বৰ, কাহ, চৰ্দিত মহৌষধি হিচাপে কাম কৰে জালুকে।

২. ডায়টেচিয়ান সকলৰ মতে, ওজন কমোৱা খাদ্যৰ তালিকাত প্ৰথমতেই নাম ল'ব লাগিব জালুকৰ। যিহেতু জালুকে হজম কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে ডায়টেচিয়ান সকলে জালুকক শীৰ্ষস্থান দিছে। কিয়নো শৰীৰৰ ওজন কম কৰিবলৈ এটা সঠিক হজম শক্তিয়ে বিশেষভাৱে সহায় কৰে।

৩. শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জালুকৰ ভুমিকা অপৰিসীম। হজম শক্তিৰ লগতে শৰীৰৰ পৰা টক্সিন আঁতৰ কৰাতো বিশেষ ভুমিকা গ্ৰহণ কৰে। লগতে, হাওঁফাওঁ আৰু ব্ৰংকিয়ালৰ সংক্ৰমণ ৰোধ কৰে।

৪. জালুকত থকা পিপাৰিনে হাৰ্টৰ সমস্যা, কেন্সাৰ, হাপানি, ডায়েবেটিছসহ একাধিক ৰোগৰ প্ৰতিকাৰ হিচাপে কাম কৰে। জালুকত থকা পিপাৰিনে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰে।

অৱশ্যে জালুকৰ গুৰি বেছি দিন ৰাখিলে ইয়াৰ গুণাগুণ নষ্ট হয়। মৌৰ লগত জালুক মিহলি কৰি খালে ইয়াৰ পৰা অধিক উপকাৰ লাভ কৰিব পাৰি। বিভিন্ন চাইনিছ্ ফুডত সামান্য জালুকৰ গুড়ি ছটিয়াই ল'লে অন্য এক স্বাদ পোৱা যায়।

Category
Profile picture for user UB Photos