একেৰাহে তৃতীয় মাহৰ বাবে হ্ৰাস পালে দেশৰ পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ......

market

দেশত একেৰাহে তৃতীয় মাহৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস। ২০২৩ চনৰ ডিচেম্বৰ মাহত দেশত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ০.৭৩ শতাংশ আছিল। ২০২৪ ৰ জানুৱাৰী মাহত তৃতীয় মাহৰ বাবে পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ ০.২৭ শতাংশলৈ হ্ৰাস পালে। 

উল্লেখ্য যে, একেৰাহে তৃতীয় মাহৰ বাবে ভাৰতত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ এক শতাংশৰ তলত আছে। জানুৱাৰীত দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰো ৫.১০ শতাংশ লৈ অৱনমিত হ'ল। ডিচেম্বৰত দেশত খুচুৰা মুদ্ৰাস্ফীতি হাৰ আছিল ৫.৬৯ শতাংশ।

আনহাতে, মূলত খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাসৰ কাৰণত দেশত যোৱা মাহত পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ পুনৰ হ্ৰাস পালে। 

Category
Profile picture for user UB Photos