বৰপেটাত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই মুকলি কৰে ৩য় সংখ্যক ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা.......

barpeta

বৰপেটাত আৰম্ভ  ৩য় সংখ্যক ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা ৷ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই দেওবাৰে ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ 

বৰপেটা ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা মুকলি কৰি ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই সাহিত্যত ভাৰতৰ আত্মা থকা বুলি মন্তব্য কৰে ৷ তেওঁ কয়- গ্ৰন্থ হৈছে ভাৰতৰ আত্মা স্বৰূপ ৷ বাল্মিকীয়ে ৰামায়ণ নিলিখিলে আমি ৰামৰ কথা নাজানিলোহেতেন আৰু গীতা নাথাকিলে আমি কৃষ্ণৰ কথাও নাজানিলোহেতেন ৷ 

বৰপেটা গ্ৰন্থমেলা সমিতিৰ উদ্যোগত দেওবাৰৰ পৰা  ১৮ ফেব্ৰুৱাৰীলৈ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলা ৷ গ্ৰন্থমেলা সমিতিৰ সভাপতি তথা তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ তথা আইন আৰু ন্যায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই গ্ৰন্থমেলা উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰে ৷  উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত ঔপন্যাসিক, লেখিকা অনুৰাধা শৰ্মা পূজাৰী।
 

Category
Profile picture for user UB Photos