অসমৰ জাতীয় ফল কি আপুনি জানেনে? জাতীয় ফলক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত......

lemon

আপুনি বাৰু জানেনে যে আমাৰ জাতীয় ফল কি? হয়তো এই প্ৰশ্নটোৱে আপোনালোকক আচৰিত কৰি তুলিছে। কিন্তু এতিয়া আৰু আচৰিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো আজি অসমৰ জাতীয় ফলক লৈ অসম কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

সদনত কাজিনেমুক জাতীয় ফল হিচাপে ঘোষণা কৰা হয়। সদনৰ মজিয়াত কৃষিমন্ত্ৰী অতুল বৰাই জাতীয় ফলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে।

উল্লেখ্য যে, সদনত কাজিনেমুৰ গুণাগুণ সম্পৰ্কত কোৱা হয় যে, কাজিনেমুৰ বহুতো ঔষধি গুণ আছে। অসমৰ ১৫.৯০ হেক্টৰ ভূমিত কাজিনেমুৰ খেতি হৈ থকা বুলি উল্লেখ কৰে কৃষি মন্ত্ৰীগৰাকীয়ে। 

লগতে তেওঁ কয় যে, অসমত উৎপাদিত ৭০ হাজাৰ কাজি নেমু বৰ্তমান সময়ত বিদেশলৈ পঠিওৱা হৈছে।

Category