২০২৪ ত এখন যুজ হ'ব। আগ্ৰাসন বনাম স্বাভিমানীৰ যুজ হ'ব লোকসভা নিৰ্বাচনত। জয় কাৰ হ'ব?.....

political

২০২৪ ৰ নিৰ্বাচনী যুজ। ২৪' ৰ লোকসভা নিৰ্বাচনত হ'ব আগ্ৰাসন বনাম স্বাভিমানীৰ যুজ। "২৪' য়ে প্ৰমাণ কৰিব কাৰ হ'ব জয়লাভ, স্বাভিমানীৰ নে আগ্ৰাসনকাৰীৰ"।

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ফলাফল চাৰে এঘাৰখন বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। আঢ়ৈখন আসনৰ বাবে যুজিব বিজেপি। লোকসভাত আঢ়ৈখন আসনৰ বাবে কঠিন যুদ্ধ চলাব বিজেপিয়ে। কঠিন যুজঁত জয়লাভ কৰিব নে বিজেপিয়ে? এই প্ৰশ্ন বহুজনৰ।

বিজেপি সকলো দিশৰ পৰাই ২৪'ৰ লোকসভালৈ সাঁজু। সাজু কৰা হৈছে আইন কোষো। লোকসভা নিৰ্বাচনত বিজেপিৰ আইন কোষৰ ভূমিকা হ'ব গুৰুত্বপূৰ্ণ। আইন কোষত আছে ১০ হাজাৰ পঞ্জীয়নভুক্ত অধিবক্তা। এই সন্দৰ্ভত আইন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ উপস্থিতিত শনিবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হয় এক কৰ্মশালা।

আনহাতে, ১৭/১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা। দিল্লীত  অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ ৫৩৬ সদস্য উপস্থিত থাকিব। থিক এনেদৰেই বিজেপি সাজু হৈছে লোকসভা নিৰ্বাচনৰ বাবে। আঢ়ৈখনৰ কঠিন যুজঁত নামিব বিজেপি।

Category