উত্তৰাখণ্ডত মাদ্ৰাছা-মছজিদৰ ওপৰত বুলড’জাৰ চলোৱাক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ হালদ্ৱানীৰ বনভুলপুৰা অঞ্চলত থকা মাদ্ৰাছা আৰু মছজিদ সমূহ পৌৰ নিগমৰ দলে ভাঙি পেলায়। ইয়াৰ পিছতেই অঞ্চলটোত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।
এই হিংসাত্মক ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫০ৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আহতসকলৰ বৰ্তমান চিকিৎসা চলি আছে।
উল্লেখ্য যে, হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হেতুকে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন আৰু ৰাজ্যৰ বিদ্যালয় সমূহো বন্ধ কৰি ৰখা হৈছে।
জানিব পৰা মতে, বনভুলপুৰাৰ ইন্দিৰা নগৰ অঞ্চলৰ মালিকৰ বাৰীত অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰা হৈছে বুলি পৌৰ নিগমৰ দলে জেচিবিৰে সকলোবোৰ ভাঙি পেলায়। মাদ্ৰাছা–মছজিদ ভঙাৰ আৰম্ভ হোৱাৰ লগে লগে বৃহৎ সংখ্যক মহিলাকে ধৰি ক্ষুব্ধ স্থানীয় বাসিন্দাই ৰাজপথলৈ ওলাই আহি এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে, বেৰিকেড ভাঙি অভিযানত নিয়োজিত আৰক্ষীৰ সৈতে তৰ্ক কৰাৰ পিছতেই ক্ষুব্ধ জনতাই বনভুলপুৰা আৰক্ষী চকীত অগ্নিসংযোগ কৰে। য'ত বহু আৰক্ষী আহত হয়। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰিত কৰিবলৈ আৰক্ষীয়ে ৰাউণ্ড গুলী চালনা কৰিবলৈও বাধ্য় হয়।
এই ঘটনাৰ পাছতেই চহৰখনত ইন্টাৰনেট সেৱা কৰ্তন কৰি দিয়াৰ লগতে সান্ধ্য আইন জাৰি কৰা হয়। বিদ্যালয়, মহাবিদ্যালয়ো বন্ধ ঘোষণা কৰা হৈছে। লগতে দুৰ্বৃত্তক দেখিলেই গুলী মৰাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। বৰ্তমান ৰাজ্যখনত এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি আছে।
উল্লেখ্য যে, উক্ত ঘটনাত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াক আক্ৰমণৰ ঘটনাক মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে গুৰুত্বসহকাৰে লৈছে। তেওঁ অশান্তি বিয়পাই দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।
- Log in to post comments