শীঘ্ৰেই সমগ্ৰ দেশতে বলৱৎ হ’ব ‘কা’! ইতিমধ্যেই ‘কা’ বলৱৎ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ..........

CAA

শীঘ্ৰেই দেশজুৰি বলৱৎ হ’ব ‘কা’।‘কা’ বলৱৎ কৰাৰ সকলো প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে।‘কা’ বলৱৎ কৰাৰ বাবে নীতি-নিৰ্দেশনা চূড়ান্ত কৰা হৈছে।

দেশজুৰি ‘কা’ বলৱৎ কৰাৰ বাবে জাৰি হ’ব অধিসূচনা। লগতে সমগ্ৰ দেশজুৰি একেলগে বলৱৎ হ’ব ‘কা’।‘কা’ বলৱৎ হোৱাৰ পিছতেই আৰম্ভ হ’ব নাগৰিকত্ব প্ৰদান ব্যৱস্থা। অনলাইন ব্যৱস্থাৰে হ’ব নাগৰিকত্ব প্ৰদানৰ প্ৰাথমিক প্ৰক্ৰিয়া।

উল্লেখ্য যে, আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ সংখ্যালঘুৱে পাব সুবিধা। হিন্দু, শিখ, জৈন, বৌদ্ধ আৰু পাৰ্চী সংখ্যালঘু বিতাড়িতই পাব সুবিধা। ভাৰতত অবৈধভাৱে বসবাস কৰি থকা বিদেশী সংখ্যালঘুক দিয়া হ’ব নাগিৰকত্ব। ৩১ ডিচেম্বৰ ২০১৪ৰ পূৰ্বে ভাৰতলৈ অহা প্ৰব্ৰজিতই পাব এই সুবিধা।

নাগিৰকত্ব প্ৰদান ব্যৱস্থাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ত গঠন হ’ব প্ৰাধিকৰণ। সম্পূৰ্ণ প্ৰক্ৰিয়াৰ তদাৰক আৰু কৰ্তৃত্ব থাকিব গৃহ মন্ত্ৰালয়ৰ বিদেশী নাগৰিক বিভাগে।

Category
Profile picture for user UB Photos