আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন.........

axom

আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন। উখল মাখল হৈ পৰিছে মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ। 

axom

আজি পুৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি মাল্যাৰ্পণেৰে শুভাৰম্ভ কৰা হয় অধিৱেশনৰ। বৰ্ণাঢ্য জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰেৰে উলিওৱা হয় এক সাংস্কৃতিক সমদলো। 

অধিৱেশনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে পাঁচোৰজা সমন্বয় ক্ষেত্ৰত উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক প্ৰতিনিধি।

Category
Profile picture for user UB Photos