ভাৰতবাসীৰ বাবে এক ডাঙৰ খবৰ! অহা এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশত বলৱৎ হ’ব CAA...........

CAA

অহা ৭ দিনৰ ভিতৰত বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন। পশ্চিমবংগত এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। পশ্চিম বংগৰ লগতে সমগ্ৰ দেশতে বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA। 

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত CAA ক লৈ বৃহৎ ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে। পশ্চিম বংগত অনুষ্ঠিত এক জনসভাত ভাষণ দি নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰা কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ। লগতে তেওঁ কয় ‘‘অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে, আৰু অহা ৭ দিনৰ ভিতৰত সমগ্ৰ দেশতে CAA কাৰ্যকৰী কৰা হ’ব। এয়া মোৰ নিশ্চয়তা। কেৱল পশ্চিমবংগতে নহয়, এসপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰতিখন ৰাজ্যতে CAA কাৰ্যকৰী হ’ব।”

আনহাতে, নাগৰিকত্ব সংশোধনী আইনে নাগৰিকত্ব প্ৰদান কৰিব আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ অমুছলমান শৰণাৰ্থীক। ২০১৪ৰ ডিচেম্বৰৰ পূৰ্বে অহা লোকসকলেও ভাৰতীয় নাগৰিকত্ব পাব। CAAৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা নহ’ব মুছলমান লোকক। ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদে CAA গৃহীত কৰি ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত দেশৰ ভিন্ন অঞ্চলত সৃষ্টি হৈছিল প্ৰতিবাদৰ।

Category
Profile picture for user UB Photos