গৌৰৱ! অসম সন্তান ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা...........

riyan

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাৰ্ষিক বঁটা ঘোষণা। অসম সন্তান ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ প্ৰদান কৰা হয় BCCIৰ সন্মান । ২০২২-২৩ বৰ্ষৰ লালা অমৰনাথ বঁটা ৰিয়ান পৰাগলৈ। ঘৰুৱা ক্ৰিকেটত শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ স্বীকৃতি ৰিয়ান পৰাগলৈ।

উল্লেখ্য যে, মুঠ ৫৫গৰাকী ক্ৰিকেটাৰলৈ বিভিন্ন শিতানত বঁটা। যশপ্ৰীত বুমৰাহলৈ ২০২১-২২ বৰ্ষৰ পলি উমৰিগড় বঁটা। ২০২২-২৩ বৰ্ষৰ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ বঁটা শুভমন গীললৈ। ৰবি শাস্ত্ৰী, ফাৰুক ইঞ্জিনিয়াৰলৈ জীৱনজোৰা সাধনা বঁটা।

২০২২-২৩ বৰ্ষৰ দিলীপ ছাইদেশাই বঁটা যশশ্বী জয়ছোৱাললৈ। সৰ্বাধিক উইকেটৰ বাবে ৰবিচন্দন অশ্বিনলৈও এই বঁটা। শ্ৰেষ্ঠ মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰৰ সন্মান দিপ্তী শৰ্মালৈ।

Category
Profile picture for user UB Photos