খানাপাৰাত ন্যায় যাত্ৰাত উত্তপ্ত পৰিস্থিতি! বেৰিকেড ভাঙি GS ৰোডলৈ প্ৰৱেশ কংগ্ৰেছীৰ.............

Guwahati

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ আজি ষষ্ঠ দিন। আজি গুৱাহাটীত ৰাহুলৰ ন্যায় যাত্ৰা। আৰু এইবাৰ খানাপাৰাত ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত অপ্ৰীতিকৰ পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠীচালনা। আৰক্ষীৰে ঠেলা-হেঁচা কংগ্ৰেছ নেতা-কৰ্মীৰ। বেৰিকেড ভাঙি GS ৰোডৰ ভিতৰলৈ প্ৰৱেশৰ চেষ্টা।

উল্লেখ্য যে, নিৰাপত্তাৰক্ষীৰ কংগ্ৰেছৰ নেতা-কৰ্মীৰ সংঘাত। খানাপাৰাত উপস্থিত ৰাহুল গান্ধী। বেৰিকেড ভাঙি GS ৰোডলৈ প্ৰৱেশ কংগ্ৰেছীৰ। আৰক্ষীৰ এই লাঠীচালনাত জাকিৰ হুছেইন শিকদাৰ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত ভূপেন বৰা, দেৱব্ৰত শইকীয়া । আনহাতে, হতাহতিত আঘাতপ্ৰাপ্ত কেইবাগৰাকী আৰক্ষীও।

Category
Profile picture for user UB Photos