ঠাণ্ডাদিনত একাপ গৰম চাহ সকলোৰে প্ৰিয়! সেই চাহত আদা ব্যৱহাৰ কৰিলে কি কি উপকাৰ হয়? জানো আহক.............

tea

অসম বুলিলেই প্ৰথম পৰিচয় চাহ। অসমৰ লগতে প্ৰায় প্ৰতিজন ভাৰতীয়ৰে চাহ প্ৰিয়। শীতকালছোৱাত প্ৰায়ভাগ লোকেই গৰম চাহ খায় ভাল পায়। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কোনে কিমান চাহ সেৱন কৰে, তাৰ হিচাপেই নাথাকে। 

বহুতেই চাহত আদা দি খাই খুব ভাল পায়। আদা দিয়া চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী।

আজি এই বিষয়ে জানো আহক - 

আদাৰ প্ৰভাৱ গৰম, সেয়েহে ইয়াক সেৱন কৰিলে শৰীৰত উষ্ণতা বৰ্তি থাকে। আদাত ভিটামিন-এ, ভিটামিন ডি আৰু ভিটামিন ই ৰ পৰিমাণ বেছি। লগতে, কেলচিয়াম, মেগনেছিয়াম, জিংক আৰু আইৰণ আদি পুষ্টিৰে সমৃদ্ধ আদা।

আদাত যথেষ্ট পৰিমাণে অক্সিডেণ্ট থাকে, যি শৰীৰৰ ভিতৰত সৃষ্টি হোৱা মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়ে।

আদা চাহ খোৱাৰ ফলত বিভিন্ন ধৰণৰ লাভালাভ হয়। সেই বিষয়ে জানো আহক - 

শীতকালত সঘনাই প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে। সেয়েহে যদি আপুনি দিনত আদা দিয়া চাহ দুবৰকৈ হ’লেও সেৱন কৰে, তেতিয়া এই সমস্যাৰ সন্মুখীন হ’ব নালাগে। এই চাহে চৰ্দি আৰু কাহৰ পৰা সুৰক্ষা দিয়ে। আদাৰ চাহে মুৰৰ বিষৰ পৰাও সকাহ দিয়া ।

আদাৰ চাহে ভাইৰাছ আৰু বেক্টেৰিয়া বৃদ্ধি হোৱা প্ৰতিহত কৰে, যাৰ ফলত ঋতুগত ৰোগবোৰ আঁতৰত থাকে। আদা চাহ খালে হজম শক্তিশালী হৈ থাকে, যি পাকস্থলীত গধুৰতা আৰু পেট ফুলা আদিৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰে। বৃক্কৰ সমস্যা পৰিহাৰ কৰাত আদা চাহ সহায়ক।

সকলো বস্তু অধিক সেৱন কৰাটো বেয়া, সেয়েহে আপুনি দিনে ২ ৰ পৰা ৩ বাৰ আদা দিয়া চাহ খাব পাৰে। ইয়াৰ বাহিৰেও দাইল আৰু পাচলিতো আদা ব্যৱহাৰ কৰিব।

Category
Profile picture for user UB Photos