পাকিস্তানত ভয়ংকৰ আক্ৰমণ ইৰাণৰ, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে ইৰাণে.........

pakistan

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। মিছাইল আৰু ড্ৰো’নে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত নিৰাপত্তা বাহিনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত দুই শিশু নিহত হোৱাৰ লগতে তিনিগৰাকী যুৱতী আহত হয়। অৱশ্যে সূত্ৰ মতে শতাধিক লোক হতাহত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাৰ সন্দৰ্ভত প্ৰথমে পাকিস্তান চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। মঙ্গলবাৰে হোৱা ঘটনাৰ কথা বুধবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে পাকিস্তান বৈদেশিক মন্ত্ৰালয়ে। 

তেওঁলোকে জনোৱা অনুসৰি, বেলুচিস্তান এটা সন্ত্ৰাসবাদী গোটৰ মূখ্য কাৰ্যালয়ত ইৰাণে ড্ৰোণ আৰু মিছাইলৰ আক্ৰমণ কৰে। ফলত দেশখনৰ দুজন শিশু নিহত হোৱাৰ লগতে তিনিগৰাকী যুৱতী আহত হয়।

উল্লেখ্য যে, কিছু দিন পূৰ্বে উগ্ৰপন্থী সংগঠনটোৱে পাকিস্তানৰ সৈতে ইৰাণৰ সীমান্তবৰ্তী অঞ্চলত ইৰাণৰ নিৰাপত্তা বাহিনীক আক্ৰমণ চলাইছিল। ইয়াৰ পৰোপেক্ষিতত ইৰাণে মঙ্গলবাৰৰ দিনটোত সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটিত আক্ৰমণ চলাই। এই আক্ৰমণৰ ফলত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হৈছে।
 

Category
Profile picture for user UB Photos