Terrorist Attack

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। মিছাইল আৰু ড্ৰো’নে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত নিৰাপত্তা বাহিনীয়ে আক্ৰমণ কৰে। এই আক্ৰমণত দুই শিশু নিহত হোৱাৰ লগতে তিনিগৰাকী যুৱতী আহত হয়। অৱশ্যে সূত্ৰ মতে শতাধিক লোক হতাহত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাৰ সন্দৰ্ভত প্ৰথমে পাকিস্তান চৰকাৰে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। মঙ্গলবাৰে হোৱা ঘটনাৰ কথা বুধবাৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে পাকিস্তান বৈদেশিক মন্ত্ৰালয়ে।