মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা! ৰহস্যজনভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মডতদেহ.......

noonmati

মহানগৰীৰ নুনমাটিৰ নিজৰাপাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিজ বাসগৃহতেই ৰহস্যজনকভাৱে উদ্ধাৰ হয় এগৰাকী বিধৱা মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম মুনমুন বেগম বুলি জানিব পৰা গৈছে। মহিলা গৰাকীৰ মৃতদেহত আঘাতৰ চিহ্ন স্পষ্টকৈ দেখা গৈছে।

জানিব পৰা মতে, নিজ বাসগৃহতেই উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ । ই এক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ কৰিছে নুনমাটি আৰক্ষীয়ে। কোঠাত পৰি মৃত্যু হোৱা বুলি দাবী পুত্ৰ বৰুণ চৌহানৰ। দুই পুত্ৰৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ।

উল্লেখ্য যে, এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। নিহত মুনমুন বেগমৰ পৰিয়ালৰ এজনো পুৰুষ সদস্য জীৱিত অৱস্থাত নাই। ২০০৪ চনৰ পৰা অজ্ঞাত লোকৰ হাতত পৰিয়ালটোৰ এজনৰ পিছত আন এজন পুৰুষ সদস্যৰ মৃত্যু ঘটি আহিছে। 

২০০৪ চনৰ মুনমুন বেগমৰ দেওৰেক মুন্না আলীক হত্যা কৰিছিল বামুণীমৈদামৰ ৰে’লৱে কলনি বজাৰত। একেখন বজাৰতে ২০০৫ চনত হত্যাকাণ্ড সংঘটিত হৈছিল মুনমুন বেগমৰ স্বামী মতলেব আলীৰ। ২০০৬ চনত পৰিয়ালটোৰ এজন পুৰুষ ঘৰুৱা সহায়কাৰীক একেখন বজাৰতে দুৰ্বৃত্তই হত্যা কৰে। 

২০০৭ চনত মহিলাগৰাকীৰ শহুৰেক মোহব্বত আলীক হত্যা কৰি শান্তিপুৰৰ ৰে’লৰ আলিৰ কাষত পেলাই থৈ যায় মৃতদেহ। শেহতীয়াকৈ বুধবাৰে নিশা ৰহস্যজনকভাৱে মৃত্যু ঘটিল মুনমুন বেগমৰ।

পৰিয়ালৰ আটাইকেইজন পুৰুষ সদস্যৰ হত্যাৰ পিছত বামুণীমৈদামত থকা মাটি–বাৰী বিক্ৰী কৰি নুনমাটিৰ নিজৰাপাৰ অঞ্চলত নিজৰ দুই পুত্ৰ সন্তানৰ সৈতে বসবাস কৰিবলৈ লৈছিল মহিলাগৰাকীয়ে।

Category
Profile picture for user UB Photos