শৰীৰৰত আইৰণৰ অভাৱ পূৰণ কৰিবলৈ কি কি খাব লাগে, কি কি খাব নালাগে?...........

iron

আমাৰ শৰীৰত পুষ্টিৰ অভাৱ হ’লে বিভিন্ন সমস্যাই দেখা দিয়ে। শৰীৰৰ এবিধ লাগতিয়াল পুষ্টি হৈছে আইৰণ। আইৰণে শৰীৰত অক্সিজেন যোগান ধৰাৰ কাম কৰে। লগতে, আইৰণক হিম'গ্ল'বিনৰ এক গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। 

আইৰণৰ অভাৱ হলে লোহিত ৰক্ত কণিকা গঠন নহয়, যাক ৰক্তহীনতা বুলি জনা যায়। ভাৰতত পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতাৰ সমস্যা বেছি। 

শৰীৰত আইৰণৰ অভাৱ হ'লে কেতবোৰ লক্ষণে দেখা দিয়ে। আজি এই বিষয়ে জানো আহক-

আইৰণৰ অভাৱৰ লক্ষণ সমূহ হৈছে -

যেতিয়া শৰীৰত আইৰণৰ অভাৱ হয় অলসতা, ভাগৰ, ছাল হালধীয়া হোৱা, উশাহ লোৱাত অসুবিধা, অজ্ঞান, মুৰৰ বিষ, বুকুৰ বিষ, হাত আৰু ভৰি ঠাণ্ডা হৈ যোৱা, চুলি সৰা, জিভা ফুলা আদি বিভিন্ন সমস্যাই দেখা দিয়ে।

গতিকে, আইৰণৰ অভাৱ পূৰণ কৰিবলৈ কি খাদ্য খাব লাগে, কি খাব নালাগে? 

যদি শৰীৰত আইৰণৰ অভাৱ হয়, তেন্তে খাদ্যত সামুদ্ৰিক খাদ্য, সম্পূৰ্ণ শস্য, বীজ, মাহজাতীয় শস্য, সেউজীয়া শাক-পাচলি, মুৰ্গী মাংস, কণী, মাছ, সেউজীয়া মটৰ, গজালি অহা মগু আদি অন্তৰ্ভুক্ত কৰিব পাৰে।

আনহতে শৰীৰত আইৰণৰ অভাৱ হ'লে কিছুমান খাদ্য পৰিহাৰ কৰিব, ইয়াৰ ভিতৰত চাহ, কফি, সুৰা আদি অন্যতম। 

Category
Profile picture for user UB Photos