ৰাজ্যজুৰি স্তব্ধ পৰিবহণ সেৱা! নতুন পৰিবহণ আইন বিৰোধিতাৰে ৪৮ ঘণ্টাজুৰি কৰ্মবিৰতি চালকসন্থাৰ...........

bus

আজিৰে পৰা ৰাজ্যত অচল পৰিবহণ সেৱা। মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান। নতুন পৰিবহণ আইন বিৰোধিতাৰে বন্ধ ঘোষণা কৰিছিল সংগঠনসমূহে। পুৱা ৫ বজাৰ পৰা ৰাজ্যজুৰি বন্ধ যাত্ৰীবাহী গাড়ীৰ চলাচল। বন্ধ হৈ পৰিছে তেল-গেছ পৰিবাহী গাড়ী।

উল্লেখ্য যে, আজিৰে পৰা ৰাজ্যত নচলে বাণিজ্যিক বাহন। ৪৮ ঘণ্টাজুৰি কৰ্মবিৰতি চালকসন্থাৰ। বাণিজ্যিক বাহনৰ লগতে বাছসেৱাও বন্ধ হৈ পৰিছে। দুদিন ধৰি নচলে দূৰণিবটীয়া দিবা-নৈশ বাছ। দুদিনৰ বাবে ব্যাহত হৈ পৰিব ৰাজহুৱা পৰিবহণ সেৱা।

ট্ৰাকৰ পৰা টেংকাৰ চালকলৈকে কৰ্মবিৰতি পালন। মটৰ পৰিবহণ সন্থাসমূহৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী। নতুন ফৌজদাৰী আইনৰ ধাৰাৰ বিৰুদ্ধে প্ৰতিবাদ। হিট এণ্ড ৰাণ ধাৰা বাতিলৰ দাবীত ধৰ্মঘট। ধৰ্মঘট অনিৰ্দিষ্টকালীন কৰাৰো হুংকাৰ। দেশজুৰি চলিছিল ট্ৰাক আৰু টেংকাৰ চালকৰ ধৰ্মঘট।

কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ সিদ্ধান্ত মানিব খোজা নাই অসমৰ পৰিবহণ সংস্থাই। ৰাজ্যৰ ভিন্ন প্ৰান্তত মটৰ পৰিবহণ সন্থাক সমৰ্থন কৰি পৰিবহণ সেৱা বন্ধ ৰখা হৈছে।

Category
Profile picture for user UB Photos