মহানগবাসী লৈ সুখবৰ! আজিৰে পৰা গুৱাহাটীৰ ৰাজপথ হৈ পৰিব গ্ৰীণ..........

green bus

আজিৰে পৰা গুৱাহাটীৰ ৰাজপথ হৈ পৰিব গ্ৰীণ। মহানগৰবাসীয়ে যিফালে চকু দিব সেইফালেই দেখিবলৈ পাব সেউজীয়া। কিয়নো নৱবৰ্ষৰ প্ৰাকক্ষণত মহানগৰীত চলিব ২০০খন গ্ৰীণ বাছ। ASTCৰ অধীনত চলিব নতুনকৈ সংযোজিত বাছ।

উল্লেখ্য যে, অসমক গ্ৰীণ এনাৰ্জী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ চৰকাৰৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই বাছ সেৱা। এই বাছসমূহ হ’ব সম্পূৰ্ণ বৈদ্যুতিক ৷

আনহাতে, ব্যক্তিগত বাছ বন্ধৰ নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া ব্যক্ত পৰিবহণ মন্ত্ৰীৰ। নিৰ্দেশ সন্দৰ্ভত অৱগত নহয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। বিদ্যুৎচালিত বাহন ক্ৰয় কৰিলে লাভ কৰিব INSENTIVE। লগতে, ১৫ বছৰৰ আগৰ বাছসমূহ কৰিব লাগিব স্ক্ৰেব।

বৰ্তমান সময়ত গুৱাহাটীত হোৱা বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইলেকট্ৰিক বাছৰ প্ৰৱৰ্তন কৰা হ’ব। গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব এইসমূহ বাছ। 

টাটা আৰু অলেক্ট্ৰাই নিৰ্মাণ কৰিছে এইসমূহ বাছ। এই ইলেক্ট্ৰিক বাছসমূহ চাৰ্জ কৰিবলৈ মহানগৰীৰ বিভিন্ন স্থানত অধিক চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনাও কৰিছে ASTCয়ে।

Category