পুনৰবাৰ অভিলেখ ভাৰতৰ! ঋণ গ্ৰহণৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে ভাৰতে, সকীয়নি আন্তঃৰাষ্ট্ৰ্ৰীয় মুদ্ৰা নিধিৰ.............

India

আন্তঃৰাষ্ট্ৰ্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত ভাৰতে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ ঋণ গ্ৰহণৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে ভাৰতে। আন্তঃৰাষ্ট্ৰ্ৰীয় মুদ্ৰা নিধিৰ সকীয়নি ভাৰতক। 

IMFৰ তথ্য অনুসৰি ২০৫ লাখ কোটিৰো অধিক ঋণ লৈছে ভাৰতে। সেয়েহে পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে সংকটত পৰিব ভাৰত। বিগত ৬ মাহতেই ভাৰত চৰকাৰে লৈছে ৫ লাখ কোটিৰ ঋণ।

উল্লেখ্য যে, ঋণ নিয়ন্ত্ৰণ নকৰিলে ঘৰুৱা উৎপাদনৰ সমানুপাতিক হ’ব ঋণৰ পৰিমাণ। গতিকে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকিয়নী দিলে IMFএ । আনফালে ঋণ গ্ৰহণত কেন্দ্ৰৰ সমানে অগ্ৰসৰ হৈছে ৰাজ্যও।

কেন্দ্ৰৰ ১৬১ লাখ কোটি ঋণৰ বিপৰীতে ৰাজ্যই লৈছে ৪৪ লাখ কোটি ঋণ। ২০১৪ চনৰ ভাৰত চৰকাৰৰ ওপৰত ঋণৰ পৰিমাণ আছিল ৫৫ লাখ কোটি। বিগত ৯ বছৰতে ভাৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ ১৯২% বৃদ্ধি। ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে লৈছে ১৯ লাখ কোটিৰ বৈদেশিক ঋণ।

Category
Profile picture for user UB Photos