দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN-1ৰ সংহাৰ...........

covid

দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ
ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN-1ৰ সংহাৰ
কেৰালা, কৰ্ণাটক, গোৱা, মহাৰাষ্ট্ৰত ভয়ংকৰ সংক্ৰমণ

সমগ্ৰ দেশত ক’ভিড JN-1ত আক্ৰান্ত ২১গৰাকী
কেৰালাত অধিক ভয়াৱহ ৰূপ লৈছে মহামাৰী ক’ভিডে
কেৱল কেৰালাতে ক’ভিড JN-1ত আক্ৰান্ত ৩জনৰ মৃত্যু
কৰ্ণাটকত দুজন, পঞ্জাৱত মৃত্যু এজনৰ

উল্লেখ্য যে, দেশত অব্যাহত আছে ক’ভিডৰ ত্ৰাস। অসমতো এইক্ষেত্ৰত বিশেষ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিড পৰিস্থিতি যাতে ৰাজ্যত বৃদ্ধি নহয় তাৰ প্ৰতি নজৰ ৰাখিছে। অসমৰ চুবুৰীয়া মেঘালয়ৰ স্বাস্থ্যমন্ত্ৰী আম্পৰীণ লিংডোই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি কয় যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে ক’ভিড পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৈঠক অনুষ্ঠিত হৈছে আৰু সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

আনহাতে, ক’ভিডৰ নতুন ৰূপান্তৰ JN-1ত এতিয়া দেশত শেহতীয়াকৈ ৬০০ৰো অধিক লোক সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈচে। আনহাতে, সমগ্ৰ দেশত শেহতীয়াকৈ ২০জনৰো অধিক লোকৰ গাত এই ৰোগে ধৰা দিয়াৰ লগতে ইতিমধ্যে কেৰালাত ৩জন লোকৰ মৃত্যু হৈছে। কেৰালাৰ চৰকাৰে ক’ভিড বিধিৰ নিৰ্দেশনা দিয়াৰ লগতে মাস্ক বাধ্যতামূলক কৰিছে। কৰ্ণাটকৰ চৰকাৰে ৰাজ্যখনৰ স্কুলবোৰত এলাৰ্ট জাৰি কৰিছে। 

আনহাতে, দেশত সৃষ্টি হোৱা এই ক’ভিড পৰিস্থিতিক লৈ চিন্তিত নহ’বলৈ বিশেষজ্ঞৰ লগতে বিজ্ঞানীসকলে পৰামৰ্শ আগবঢ়াইছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দৱীয়াই পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে সঘনাই বৈঠকত মিলিত হৈছে।

Category
Profile picture for user UB Photos