যোৰহাটত সেনা ছাউনিৰ সমীপত বিস্ফোৰণ! বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে আলফা (স্বাঃ) য়ে.... তাৰ পাছতে আতংকিত সকলো..........

ULFA

যোৰহাটত সেনা ছাউনিৰ সমীপত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। চহৰখনৰ লিচুবাৰী মিলিটেৰী ষ্টেচনৰ সন্মুখত এই ঘটনাটো সংঘটিত হয়। বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বাজি ২০ মিনিটত বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণক লৈ যোৰহাটত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

উল্লেখ্য যে, এই বিস্ফোৰণত সেনা ছাউনীৰ পকীবেৰাৰ ভিতৰফালে থকা এটা ডাষ্টবিন চুচুৰ্মৈ হৈ পৰে। বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ দুয়োদিশে প্ৰায় ১-২ কিলোমিটাৰ ব্যাৱধানত দুঠাইত সেনাই তালাচী চলাই আছিল বুলি জানিব পৰাী গৈছে। এই ঘটনাৰ পিছত যোৰহাট SP ঘটনাস্থলীত গৈ দীৰ্ঘসময় ধৰি সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে। 

স্থানীয় লোকে জনোৱা অনুসৰি, সেনা ছাউনীৰ ভিতৰফালে বিস্ফোৰণ হোৱা স্থানত ধোঁৱা দেখিবলৈ পাইছিল। লগতে সমীপতে থকা বাসগৃহৰ চালত শিলৰ গুৰি সদৃশ সামগ্ৰী চিটিকি আহি পৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, যোৰহাটৰ বিস্ফোৰণৰ পিছতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে তাৎপৰ্য বহন কৰিছে। আলফাৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক প্ৰেছ বিবৃতিযোগে এই ঘটনাৰ দায়িত্ব লৈছে। 

অৱশ্যে, এই বিস্ফোৰণৰ ঘটনাৰ উদ্দেশ্য থলগিৰিক অথবা অসম আৰক্ষীক আতংকিত কৰা নহয়, বৰং এয়া ঔপনিৱেশিকতাবাগৰ বিৰুদ্ধেহে বুলি আলফা (স্বাঃ)ৰ বিবৃতিত প্ৰকাশ পাইছে।

Category
Profile picture for user UB Photos