২ সাহসী মহিলাৰ বাবেই জালত নাৰী সৰবৰাহকাৰী! প্ৰেমৰ চলেৰে অৰুণাচললৈ পলুৱাই নিছিল যুৱতীক...........

HONEY TRAPPINBG

২ সাহসী মহিলাৰ বাবেই জালত নাৰী সৰবৰাহকাৰী
ৰাইজৰ হাতত বন্দী টীয়কৰ জান্তুমণি দাস ওৰফে কুশল
লখিমপুৰৰ যুৱকে পলুৱাই নিয়া যুৱতীক উদ্ধাৰ
দুগৰাকী মহিলাই কৌশলেৰে ধৰা পেলায় যুৱকজনক
লগতে ধৰা পেলায় নাৰী সৰবৰাহকাৰী চক্ৰটোকো

উল্লেখনীয় যে, দুমাহ পূৰ্বে টীয়কৰ ভগামুখ থানাৰ অন্তৰ্গত এজাৰগুৰিৰ এগৰাকী যুৱতী নাৰী সৰবৰাহকাৰীৰ জালত পৰে। ১৪ অক্টোবৰৰ পৰা নিখোজ হৈ আছিল যুৱতীগৰাকী ৷ জানিব পৰা মতে লখিমপুৰৰ ঢলপুৰৰ এজন যুৱকে যুৱতীগৰাকীক প্ৰেমৰ জালত বন্দী কৰি অৰুণাচললৈ পলুৱাই নিছিল।

পৰবৰ্তী সময়ত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ গাঁৱৰে দুগৰাকী মহিলা গৰিমা দাস আৰু হিৰামণি দাসে কৌশলেৰে লক্ষিমপুৰৰ যুৱকজনৰ লগতে এই নাৰী সৰবৰাহকাৰী চক্ৰক ধৰিবলৈ সক্ষম হয়। এই দুগৰাকী মহিলাই যোৱা এমাহ ধৰি যুৱকজনৰ লগত ফোনত যোগাযোগ কৰি আছিল ৷ যুৱকজনে এই দুগৰাকী মহিলাকো বিবাহৰ প্ৰস্তাৱ দি পলুৱাই নিয়াৰ প্ৰলোভন দিয়ে।

শেষত ভগামুখ আৰক্ষী থানা আৰু লক্ষিমপুৰৰ ঢলপুৰ থানাৰ সহযোগত যুৱকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱতীগৰাকীকো ইতিমধ্যে অৰুনাচলৰ পৰা উদ্ধাৰ কৰা হৈছে।
 

Category
Profile picture for user UB Photos