সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন.......

AASU

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। মঙলবাৰে নিশাৰ ভাগত আছুৰ বৰ্তমান সমিতিৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কিছু সময়ৰ পিছতে উলিওৱা হ’ব এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। য’ত অংশগ্ৰহণ কৰিব বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কুশলীসকলে। লগতে আছুৰ শীৰ্ষ নেতৃত্বকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি অংশ ল’ব এই শোভাযাত্ৰাত।

 হিমা দাস, নয়ন নিলীম, অৰুণ হাজৰিকাকে ধৰি ক্ৰীড়া, সাংস্কৃতিক, বৌদ্ধিক জগতৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তি দেখা যাব এই শোভাযাত্ৰাত। সন্ধিয়াৰ ভাগত প্ৰথমখন প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। আছুৰ এই কেন্দ্ৰীয় অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দহ সহস্ৰাধিক ছাত্ৰ–প্ৰতিনিধি আহি উপস্থিত হৈছে। 

Category
Profile picture for user UB Photos