শোকাৱহ! ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ দুখ সহিব নোৱাৰি এজন যুৱকৰ মৃত্যু......

Ghy

বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ মৃত্যু। গুৱাহাটীৰ  বিৰুবাৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। দেওবাৰে বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত। ভাৰত পৰাজিত হোৱাৰ দুখতে প্ৰাণ হেৰুৱালে এজন ক্ৰিকেট অনুৰাগীয়ে।

উল্লেখ্য যে, দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল চাই আছিল ২১ বছৰীয়া মৃণাল মজুমদাৰে। কিন্তু ফাইনেলত ভাৰত পৰাস্ত হোৱাৰ পিছতে দুখত ভাঙি পৰিছিল যুৱকজন। জানিব পৰা মতে, নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন। 

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, নিশা হয়তো টোপনি অহা নাছিল প্ৰাঞ্জলৰ। নিশা কেইবাবাৰো বিচনাৰ পৰা উঠিছিল প্ৰাঞ্জল, তাৰ পিছত পৰিয়ালৰ লোকে কোঠাত প্ৰাঞ্জলক চাবলৈ যোৱাত অচেতন হৈ আছিল যুৱকজন।

লগে লগে পৰিয়ালৰ লোকে মৃণালক হাস্পতাললৈ লৈ যায়। হায়াত হাস্পতালত মৃণালক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

পৰিয়ালৰ লোকে জনোৱা মতে, কোনো ধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল। ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে।

Category
Profile picture for user UB Photos