মৃত্যু কেনেকৈ কেতিয়া আহে কোনেও নাজানে; ৰে'লৰ পৰা নামিবলৈ লওতেই পিছলি পৰি মৃত্যু এজনৰ..........

 train

নগাঁও জিলাৰ বেবেজীয়া ৰে'ল ষ্টেচনত বুধবাৰে পুৱাতেই এজন লোকৰ মৃত্যু হয়। ৰে'লৰ চেপাত নিহত লোকজন ইছলাম আলি বুলি জানিব পৰা গৈছে। জাজৰি অঞ্চলত ধোবা হিচাপে কৰ্মৰত লোকজনে শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ৰেলখনৰ পৰা নামিব লওঁতেই অসাৱধান বশত পিছলি পৰে আৰু সেই মূহুৰ্তত ষ্টেশ্যন এৰা ৰে'লখনে লোকজনক মহতিয়াই নিয়ে।

train

উল্লেখ্য যে, ছিন্ন-ভিন্ন হৈ পৰে বিহাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীৰ মৃতদেহ। নগাঁৱৰ পৰা বিহাৰলৈ গমন কৰা কোনো চিনাকী ব্যক্তিৰ হাতত তেওঁৰ পৰিয়াললৈ কিছু সামগ্ৰী পঠিয়াবলৈ গৈয়ে আকস্মিক মৃত্যুক আকোঁৱালি ল'বলগীয়া হয় লোকজনে। 

পুৱাতেই সংঘটিত এই মৰ্মান্তিক ঘটনাই এতিয়া শোকাচ্ছন্ন কৰি তুলিছে সমগ্ৰ বেবেজীয়া আৰু জাজৰি অঞ্চল। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ লোকজনৰ ছিন্ন-ভিন্ন দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
 

Category
Profile picture for user UB Photos