কালি পূজাৰ সন্ধিয়া মা লক্ষ্মীক পূজা কৰা হয়, গতিকে কেনেকৈ পূজা কৰিব আৰু শুভ সময় কি সেই বিষয়ে জানো আহক.......

kali

অহা ১২ নৱেম্বৰত পালন কৰা হ'ব দীপাৱলী। লগতে পালিত হ’ব কালীপূজা। কিন্তু কালি পূজাৰ লগতে পূজা কৰা হয় গণেশ আৰু মহালক্ষ্মীকো। কোনো কোনো ঠাইত মহাসৰস্বতী আৰু মহাকালীৰো পূজা কৰা হয় ।

উল্লেখ্য যে, বহু লোকে কালী পূজাৰ দিনা লক্ষ্মীপূজা কৰে। প্ৰথমে অলক্ষ্মী বিদায় কৰে, তাৰ পিছত পূজা কৰা হয় দেৱী লক্ষ্মীক। কালীপূজাৰ অমাৱস্যা তিথিত সন্ধিয়া অৰ্থাৎ প্ৰদোষকাল বা নিশিথকালত দেৱী লক্ষ্মী পূজিত হয়।

অহা দেওবাৰে অৰ্থাৎ ১২ নৱেম্বৰৰ দুপৰীয়া ২.৪৫ মিনিটত অমাৱস্যা আৰম্ভ হ’ব। অমাৱস্যা তিথি থাকিব সোমবাৰে দুপৰীয়া ২.৫৬ বজালৈ। কালী পূজাৰ দিনা প্ৰদোষকাল থাকিব বিয়লি ৫.২৮ বজাৰ পৰা সন্ধিয়া ৮.০৭ বজালৈ।

আনহাতে, লক্ষ্মীপূজাৰ বাবে আদৰ্শ সময় প্ৰদোষকাল হ’ল বিয়লি ৫.৩৯ বজাৰ পৰা সন্ধিয়া ৭.৩৩ বজালৈ। যিসকলে নিশিথকালত লক্ষ্মীপূজা কৰিব, তেওঁলোকৰ বাবে আৰাধনাৰ সময় নিশা ১১.৩৯ বজাৰ পৰা ১২.৩০ বজালৈ। 

Category
Profile picture for user UB Photos