আকৌ এবাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে! ৰিজাৰ্ভ বেংকৰ ওচৰত ইতিমধ্যেই প্ৰস্তাৱ দাখিল কৰিছে ৰাজ্যৰ বিত্ত বিভাগে......

loan

আকৌ এবাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে! বিত্তীয় পৰিস্থিতৰ জোৰা মাৰিবলৈ অহা ৭ নৱেম্বৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ১০০০ কোটি টকাৰ ঋণ। মুকলি বজাৰৰ পৰা ল'বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। 

উল্লেখ্য যে, যোৱা কেইটামান বৰ্ষত উন্নয়নৰ ঢাক-ঢোল বজাই ৰাজহ সংগ্ৰহৰ অৰ্থে বৃদ্ধি কৰি গৈছে বিভিন্ন সামগ্ৰীৰ মূল্য। তাৰপাছতো ১০০০ কোটি টকাৰ ঋণ লোৱাৰ আৱশ্যক হৈ পৰিছে চৰকাৰৰ বাবে।

loan

আনহাতে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহৰ পৰাই ৰাজ্য চৰকাৰে ঋণ লৈ আহিছে। যোৱা মাহত ২০০০ কোটি আৰু ছেপ্টেম্বৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লৈছিল চৰকাৰে। চলিত বিত্তীয় বৰ্ষত ২৫,০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লৈছে চৰকাৰে।

যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৭ হেজাৰ কোটি টকা। ২০১৪-১৫ বিত্তীয় বৰ্ষত ৰাজ্যত ঋণৰ পৰিমাণ আছিল ৩১,৩০০.৯৯ কোটি টকা। এতিয়া সেই ঋণৰ পৰিমাণ ডেৰ লাখ টকাৰ ঘৰ স্পৰ্শ কৰিছে। ঋণ পৰিশোধ কৰাৰ বিপৰীতে চৰকাৰে ঋণৰ বোজা বঢ়াই গৈ আছে। 

Category