শ্ৰীলংকাক বিধ্বস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰত.......

BCCI

বিশ্বকাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া
সপ্তমখন মেচতো জয়লাভ মেন ইন ব্লুৰ
শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয় ৰোহিত শৰ্মা বাহিনীৰ
৩০২ ৰানত পৰাস্ত কৰে শ্ৰীলংকাক
৮ উইকেটৰ বিনিময়ত ৩৫৭ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ
আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৫ ৰান সংগ্ৰহ শ্ৰীলংকাৰ
ভাৰতৰ হৈ মহম্মদ ছামিয়ে ল’লে ৫টাকৈ উইকেট
মহম্মদ চিৰাজে ল’লে ৩টাকৈ উইকেট

bcci

উল্লেখ্য যে, ভাৰতৰ হাতত পৰাস্ত শ্ৰীলংকা। ৩০২ ৰানত শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল জয় ভাৰতৰ। শ্ৰীলংকাৰ বিৰুদ্ধে বিশ্বকাপৰ খেলত ভাৰতে প্ৰথমে বেটিং কৰি ৩৫৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ শুভমন গীলে সৰ্বাধিক ৯২ ৰান আৰু বিৰাট কোহলীয়ে ৮৮ ৰান কৰে। শ্ৰেয়সৰ বেটৰ পৰা আহে ৮২ ৰান। শ্ৰীলংকাৰ বলাৰ দিলছান মদুশংকাই পাঁচটা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত শ্ৰীলংকাৰ দলটো মাত্ৰ ১৯.৪ অভাৰত মাত্ৰ ৫৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ২০ অভাৰৰ পূৰ্বেই অলআউট শ্ৰীলংকা। তাৰ পাছতে এই জয়েৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে বিশ্বকাপ ২০২৩ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ইতিমধ্যেই ৭খন খেলত বিজয় সাব্যস্ত কৰিলে ভাৰতে।

এই জয়েৰে টীম ইণ্ডিয়াই এই বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল। ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই ৭খন মেচত ক্ৰমাগতভাৱে জয়েৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে।
 

Category
Profile picture for user UB Photos