এইবাৰ যুৱতী নহয় GS Road ত নিৰ্যাতনৰ বলি হ’ল পুৰুষ…..

Ghy

এইবাৰ যুৱতীৰ হাতত নিৰ্যাতনৰ বলি হ’ল এজন পুৰুষ। ঘটনাটো বুধবাৰৰ নিশা মহাগৰীৰ জি এছ ৰোডৰ। ৰাজপথতে তিনিগৰাকী যুৱতীৰ অকথ্য শাৰীৰিক নিৰ্যাতনৰ বলি হ’ল এজন কেব চালক। ঝাৰখণ্ডৰ পৰা অহা যুৱতীকেইগৰাকীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় চালকজন।

তিনিওগৰাকী যুৱতীয়ে দুদিনৰ বাবে গুৱাহাটীৰ পৰা শ্বিলঙলৈ ভাৰা কৰি নিছিল কেবখন। দুদিনৰ পৰিৱৰ্তে এদিনতে উভতি আহে যুৱতীকেইগৰাকী। কিন্তু ভাৰাক লৈ কেব চালকৰ লগত তৰ্ক–বিতৰ্ক আৰম্ভ হয়। চালকজনে পূৰ্বৰ চুক্তি অনুযায়ী  ভাৰা বিচৰাত কেবচালকজনক মাৰপিট কৰাৰ অভিযোগ উঠিছে। দুয়োপক্ষই দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ। 

Category
Profile picture for user UB Photos