মহানগৰীত দুৰ্গা পূজাক লৈ SOP জাৰি কৰিছে প্ৰশাসনে! ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ প্ৰশাসনৰ নজৰ আপোনাৰ ওপৰত........ সবিশেষ জানো আহক.......

sop

আজি ষষ্ঠী। দুৰ্গাপূজাক লৈ সমগ্ৰ ৰাজ্যতে দেখা গৈছে ব্যাপক উছাহ-উদ্দীপনা। ইয়াৰ মাজতে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই এক সংবাদমেল সম্বোধন কৰে। দুৰ্গা পূজা উপলক্ষে DCP বৰাৰ এই সংবাদমেল সম্বোধন। দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গধুৰ যান-বাহন পুৱা ৪ৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত।

২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ থাকিব এই নিষেধাজ্ঞা। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো কিছু নিষেধাজ্ঞা।

এই সময়চোৱাত মহানগৰীত সক্ৰিয় হ’ল ট্ৰেফিক চিগনেল কেমেৰা
সক্ৰিয় হ’ল ITMS অধীনৰ CCTV কেমেৰা
আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা
১০ দিনৰ পূৰ্বে সক্ৰিয় হ’ল ITMSৰ কেমেৰা
প্ৰতিটো মুহূৰ্ততে আপোনাৰ গতি-বিধিৰ ওপৰত থাকিব নজৰ
হেলমেট, ছিটবেল্ট নলগালে এতিয়া আৰক্ষীয়ে নৰখায়
আপোনাৰ ফটোও ম’বাইলত আবদ্ধ নকৰে যান-বাহন আৰক্ষীয়ে
আইন উলংঘা কৰিলেই আপোনাৰ ম’বাইললৈ আহিব মেছেজ
আইন উলংঘা কৰিলে আপোনাৰ বিপদ নিশ্চিত
দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত ট্ৰেফিক নিৰ্দেশনা
গুৱাহাটীৰ বহুকেইটা ব্যস্ত পথত NO ENTRY, ONE WAY
বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰশাসনৰ
বিয়লি ৪ বজাৰ পৰা নিশা ১০ বজালৈ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা
পূজা সমিতিসমূহেও মানিব লাগিব ট্ৰেফিক নিয়ম
মহানগৰ আৰক্ষী আৰু ট্ৰেফিকক সহায়ৰ আহ্বান DCPৰ
জৰুৰীকালীন বাহনৰ বাবে প্ৰযোজ্য নহ’ব নিৰ্দেশনা
NH 27 আৰু 17ত মালবাহী বাহনৰ চলাচলত নিয়ন্ত্ৰণ
পুৱা ১১ বজাৰ পৰা নিশা ১২ বজালৈ নিয়ন্ত্ৰণ
উজনি অসমৰ পৰা অহা বাছৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ
উজনি-নামনিৰ বাছসমূহ ISBTলৈ পোনপটীয়াকৈ আহিব
বশিষ্ঠ ট্ৰেফিকত ONE WAY PARKING, NO PARKINGৰ ব্যৱস্থা
GS ৰোডৰ বাছসমূহ ৰাষ্ট্ৰীয় ঘাইপথ হৈ যাব লাগিব
নিয়ন্ত্ৰিত হ’ব চিটী বাছৰ সময়
নিৰ্দিষ্ট সময়তহে চলিব পাৰিব চিটী বাছসমূহ
চিটী বাছসমূহক ১ মিনিট সময়ৰ টাইম কাৰ্ড দিয়া হ’ব
১ মিনিটৰ বাবেহে ষ্টপেজত ৰ’ব পাৰিব চিটী বাছ
সুৰাপান কৰি গাড়ী চলালে কঠোৰ হ’ব আৰক্ষী
প্ৰতিদিনে চলিব DRINK & DRIVE CHEKING

বিজয়া দশমীৰ দিনটোৰ বাবেও বিশেষ নিৰ্দেশনা

প্ৰতিমা বিসৰ্জনৰ গাড়ীসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব
অকল বিসৰ্জনৰ গাড়ীৰে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব
বিসৰ্জনৰ গাড়ী উলুবাৰীৰ দিশত যাব নোৱাৰিব
বি বৰুৱা ৰোড সম্পূৰ্ণৰূপে বন্ধ থাকিব বিসৰ্জনৰ গাড়ীৰ বাবে
মালিগাঁও হৈ পাণ্ডুঘাটলৈও কোনো গাড়ী যাব নোৱাৰিব

Category