
অঞ্জন নাথৰ হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম। মাঝাৰ ৰোডৰ ভৰলু নৈৰ বোকাৰ মাজৰ পৰা উদ্ধাৰ কৰা হয় পিষ্টলটো। মূল অভিযুক্ত সৌৰভ গোৱেংকাই ভৰলুত পেলাই দিছিল পিষ্টলটো। SDRF আৰু আৰক্ষীৰ দলে পুৱাৰে পৰা আৰম্ভ কৰি ৫ ঘণ্টাজোৰা অভিযানৰ অন্তত হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো উদ্ধাৰ কৰে। লগতে মেগজিন, এক ৰাউণ্ড সক্ৰিয় গুলীও উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।
উল্লেখ্য যে, পত্নীয়ে প্ৰাণ ল’লে অঞ্জন নাথৰ। বাৰে বাৰে প্ৰেমত পৰা গীতাশ্ৰী সিনহাৰ মন গহনত লুকাই আছিল জিঘাংসা। যাৰ চিকাৰ হ’ল অঞ্জন নাথ। ৩৪ বছৰ বয়সত তিনিবাৰ বিয়া হোৱা গীতাশ্ৰীয়ে চতুৰ্থবাৰ প্ৰেমত পৰিছিল সৌৰভ গোৱেংকাৰ।
জানিব পৰা মতে, এবছৰ পূৰ্বে পাৰ্লাৰত মাছাজ দিওতেই গীতাশ্ৰীৰ প্ৰেমত পৰিছিল সৌৰভ। গীতাশ্ৰীয়েও সঁহাৰি দিছিল সৌৰভক। কিছুদিনৰ ভিতৰতে অঞ্জনৰ সৈতে ৪ বছৰীয়া সংসাৰৰ যৱনিকা পেলাই সৌৰভৰ সৈতে ঘৰ বন্ধাৰ মন কৰিলে গীতাশ্ৰীয়ে। আৰু শেষত এই লোভীয়া মনৰে স্বীকাৰ হ'ল অঞ্জন নাথ।
উল্লেখ্য যে, পত্নী গীতাশ্ৰীৰ চাল চলন দেখি তেওঁলোকৰ সংসাৰ খনত কিবা বিসংগতিৰ অনুমান কৰিছিল অঞ্জনে। কিন্তু প্ৰেমত মচগুল হৈ থকাৰ বাবেই হয়তো সেই কথা মন নকৰিলে অঞ্জনে।আনহাতে দিনবোৰ বাগৰি যোৱাৰ লগে লগে সৌৰভৰ প্ৰতি মোহ বাঢ়ি গ’ল গীতাশ্ৰীৰ। আনকি গীতাশ্ৰীৰ মাক, দেউতাক আৰু ভনীয়েকেও আকোৱালি ল’লে সৌৰভ গোৱেংকাক।
সকলোৱে মিলি গীতাশ্ৰীৰ জীৱনৰ পৰা আঁতৰাই পঠোৱাৰ চেষ্টা কৰিলে অঞ্জনক। বুজনিৰে, বেজ লগাই, তন্ত্ৰ মন্ত্ৰ কৰিও সফল নোহোৱাত একেবাৰে শেষ কৰি দিয়াৰ পৰিকল্পনা ৰচিলে অঞ্জন নাথক। খোদ পত্নীয়ে কৰিলে অঞ্জন হত্যাৰ পৰিকল্পনা। আৰু সেই পৰিকল্পনাত উৎসাহ যোগালে গীতাশ্ৰীৰ মাকে।
ব্লু প্ৰিণ্ট ৰচিলে নতুন প্ৰেমিক সৌৰভ গোৱেংকাই। বন্ধু গোবিন্দ কুমাৰৰ লগত গৈ বিহাৰৰ পৰা চাটু গুৰিৰ মাজত ভৰাই সৌৰভে গুৱাহাটী পোৱালেহি পিষ্টলৰ লগতে সক্ৰিয় গুলী। পিষ্টল কিনি দিয়া গোবিন্দই শ্বুটিঙৰ ট্ৰেইনিঙো দিলে সৌৰভক। পিষ্টল চলোৱাৰ ট্ৰেইনিং পুৰা হোৱাৰ পাছত ফাঁচি বজাৰত গাখীৰ বিক্ৰী কৰা অৰবিন্দ ৰায়ৰ আস্তানাত গুলী আৰু পিষ্টল লুকুৱাই সুযোগৰ অপেক্ষাত থাকিল সৌৰভ গোৱেংকা।
সেইদিনা আছিল ১২ অক্টোবৰ। ছয়গাঁৱলৈ যাব লগা হৈছিল ওজা JCP ৰ কৰ্মচাৰী অঞ্জন নাথ। সন্ধিয়া ঘৰলৈ উভতি অহাৰ বাটত কইনাধৰাৰ মেট্ৰ’ হাস্পতালৰ সন্মূখত গীতাশ্ৰীক লগ ধৰাৰ কথা আছিল অঞ্জনে। পত্নীৰ কথা মতে অঞ্জনক হত্যা কৰিবলৈ সেইদিনটোকে বাচি ল’লে সৌৰভে গোৱেংকাই। ছয়গাঁৱৰ পৰা উভতি জালুকবাৰী পোৱাৰে পৰা অঞ্জনৰ প্ৰতি মুহুৰ্তৰ লোকেচন পত্নী গীতাশ্ৰীয়ে দি আছিল সৌৰভক। আনকি সৌৰভৰ সুবিধা হোৱাকৈ মেট্ৰ হাস্পতালৰ সন্মূখত স্বামী অঞ্জনক ৰৈ থাকিবলৈ বাধ্য কৰিছিল গীতাশ্ৰীয়ে।
বাইকত বহি ফুচকা খাই খাই পত্নী অহালৈ অপেক্ষা কৰি থাকোতেই সৌৰভৰ গুলীয়ে আঘাট কৰে অঞ্জনৰ বুকু। সৌৰভক স্বামী হিচাপে পোৱাৰ বাটত হেঙাৰ হোৱাৰ বাবেই প্ৰাণ দিব লগা হ’ল অঞ্জনে। শিলচৰ আৰু আগৰতলাত দুখন সংসাৰ ভাঙি ৪ বছৰ পূৰ্বে বিয়া হোৱা অঞ্জনক চতুৰ্থবাৰ বিয়াত বহাৰ স্বাৰ্থত শেষ কৰি দিলে পত্নী গায়ত্ৰীয়ে।
এই সমগ্ৰ তথ্য পোহৰলৈ আহিল গীতাশ্ৰীৰ মোবাইলৰ কল লিষ্ট পৰীক্ষা কৰোতে। আৰক্ষীয়ে সন্ধান পালে ঘাতকৰ। প্ৰথমে জব্দ কৰা গীতাশ্ৰীৰ মাকৰ CDR ত গোৱেংকা উপাধিৰ এজন লোকে সঘনাই ফোন কৰাৰ তথ্য পালে আৰক্ষীয়ে। গীতাশ্ৰীৰ মোবাইলতো ওলাল গোৱেংকাই ফোন কৰাৰ তথ্য।
ইয়াৰ বিপৰীতে মৃত অঞ্জন নাথৰ মোবাইলৰ ব্লক লিষ্টত আছিল সেইজন গোৱেংকাৰ নম্বৰ। এই তিনিটা মোবাইলৰ তথ্যৰ আধাৰতে গীতাশ্ৰী আৰু গীতাশ্ৰীৰ মাকক মাৰাথন জেৰা চলাই আৰক্ষীয়ে জালত পেলালে সৌৰভ গোৱেংকাক। তাৰপাছত এটা এটাকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গোবিন্দ কুমাৰ, অৰবিন্দ ৰায়, গীতাশ্ৰী, গীতাশ্ৰূীৰ মাক ঝৰ্ণা সিনহা, গীতাশ্ৰীৰ পিতৃ অজিত সিনহা আৰু ভগ্নী নেহা সিনহাক। তিনিবছৰ পূৰ্বে সৌৰভে পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দিয়া বিষ্ণু ডেকা নামৰ এজন যুৱক ৰাজসাক্ষী হৈছে কইনাধৰা কাণ্ডত। যি বিষ্ণু ডেকাই আগতেই গম পাইছিল সৌৰভ গোৱেংকাৰ পৰিকল্পনাৰ কথা।
- Log in to post comments