হত্যা! পত্নীয়ে হত্যা কৰিলে SSB জোৱান স্বামীক; কিন্তু কিয়?........

murder

ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ ধৰিছে হিংসা, হত্যাৰ দৰে অপৰাধজনিত ঘটনা। আকৌ এবাৰ এখন অসমতে পত্নীয়ে হত্যা কৰিলে স্বামীক। কৰিমগঞ্জ চহৰৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। পত্নীৰ প্ৰহাৰত অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত SSB জোৱান জনৰ মৃত্যু। 

man

উল্লেখ্য যে, পত্নীয়ে নিজ স্বামীক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বৃহস্পতিবাৰে নিশাৰ ভাগতে এই ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। আজি দিনৰ ভাগত এই হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।

উক্ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষী উপস্থিত হৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ ঘাতক পত্নীক আটক কৰিছে। পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পাৰা হোৱা নাই। আৰক্ষীয়ে মৃতকৰ পত্নীক সোধা-পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ সকলো তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
 

Category
Profile picture for user UB Photos