সকলোকে আশ্চৰ্য কৰা এক তথ্য! বিগত বছৰত ৰাজ্যত আত্মহত্যা কৰা লোকৰ সংখ্যা ১৮,৫৫৩তকৈ ও অধিক.........

Suicide

বৰ্তমান সময়ত প্ৰায় ভাগ লোকৰে Anxiety আৰু Dipressionত ভুগা কথা শুনিবলৈ বা দেখিবলৈ পোৱা যায়। মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰান বিচাৰি বহুলোকে অত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লোৱা দেখা যায়। ৰাজ্যত বিগত ৭ বছৰত ১৮ হাজাৰ ৫৫৩ গৰাকী ব্যক্তিয়ে চৰম সিদ্ধান্ত বাছি লোৱা ঘটনাৰ এক কৰুণ ছবিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইণ্ডিয়ান কাউঞ্চিল অব্ মেডিকেল ৰিছাৰ্চ আৰু পাব্লিক ফাউণ্ডেশ্যন অব্ ইণ্ডিয়াৰ লগতে ইনষ্টিটিউট ফৰ হেলথ মেটিকছ এণ্ড ইভেলুৱেচন নামৰ সংস্থা কেইটাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলোৱা এক সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। 

সংস্থা কেইটাৰ প্ৰতিবেদন অনুসৰি, ৰাজ্যত ২০১৬ বৰ্ষত ৩,০২৩ টা, ২০১৭ বৰ্ষত ২,২৭৬ টা, ২০১৮ বৰ্ষত ২,৩৭৯ টা, ২০১৯ বৰ্ষত ২,৩৭০ টা, ২০২০ বৰ্ষত ৩,২৪৩ টা আৰু ২০২১ বৰ্ষত ৩,২৬২ টা আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছিন। একেদৰে গুৱাহাটীত ২০১৬ বৰ্ষত ২৫৯ টা, ২০১৭ বৰ্ষত ৩৪২ টা, ২০১৮ বৰ্ষত ৩৫৭ টা, ২০১৯ বৰ্ষত ৩৫৬ টা, ২০২০ বৰ্ষত ৩৬৯ টা, ২০২১ বৰ্ষত ৩৮৪ টা আৰু ২০২২ বৰ্ষত ৩৯৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছিল। 

আনহাতে, চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুৱাহাটীত ৬৪ গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ পিছতে ৰাজ্যখনত মুঠ ২১১ টা আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে। এক প্ৰতিবেদনত উল্লেখ কৰা মতে,আত্মহত্যাৰ পথ বাচি লোৱা সকলৰ ভিতৰত বেছি সংখ্যকে ১৫ বছৰৰ পৰা ৩৭ বছৰৰ ভিতৰৰ। অৱশ্যে ইয়াৰ ভিতৰত ১০ বছৰীয়া শিশুৰ লগতে ৬০ বছৰীয়া লোকো আছে বুলি প্ৰতিবেদনত উল্লেখ কৰে।

সমীক্ষাটোৰ মতে আত্মসংস্থাপনৰ লগতে পাৰিবাৰিক অশান্তি , প্ৰেমজনিত কাৰণ, পৰীক্ষাত অনুত্তীৰ্ণ, দুৰাৰোগ্য ৰোগ, সন্তানৰ অবহেলা আদি কাৰণত আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধি অনুসৰি আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা অথবা আত্মহত্যা কৰা দুয়োটাই দণ্ডযোগ্য অপৰাধ যদিও এনে কাৰ্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আত্মহত্যাৰ দৰে ঘটনা বৃদ্ধি পোৱা কাৰ্যই উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

Category
Profile picture for user UB Photos