স্কুললৈ যোৱাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে........

Accident

পুৱাই ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গ’ল টীয়ক। টীয়কৰ মুদৈজান তিনিআলিৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে এগৰাকী ছাত্ৰীক। ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰী গৰাকী।

accident

উল্লেখ্য যে, মৃত ছাত্ৰীগৰাকী ৰজাবাহী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ফাৰ্হিজা বেগম নামৰ ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত। 

accident

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা  AS-01-DD-1887 নম্বৰৰ ট্ৰাকসহ ট্ৰাকৰ চালকক আটক কৰে স্থানীয় ৰাইজে। টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিত নিয়ন্ত্ৰণ কৰে। লগতে আৰক্ষীয়ে ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে চালকগৰাকীক।

Category
Profile picture for user UB Photos