প্ৰেমৰ নামত আকৌ কলংক! প্ৰেমিকা অন্তঃসত্বা হোৱাৰ বাবে বিষ খুৱাই হত্যা প্ৰেমিকৰ, এই ঘটনা অসমৰে...জানো আহক সবিশেষ........

love

প্ৰেমৰ নামত ভয়ংকৰ ঘটনা
অন্তঃসত্বা প্ৰেমিকাক বিষ খুৱাই হত্যা
ঘটনা কাছাৰৰ কাটিগড়াৰ গড়েৰভিতৰ গাঁৱৰ
প্ৰেমিক আদিত্য কৰ্মকাৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
নিৰ্জন স্থানত নি বিষ খাবলৈ বাধ্য কৰাইছিল প্ৰেমিকাক
ঘৰত আহি পৰিয়ালক অৱগত কৰিছিল সমগ্ৰ কথা
চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃত্যু নাবালিকাৰ

cachar


উল্লেখ্য যে নিৰ্জন স্থানত আন দুগৰাকী যুবকক লগত লৈ নাবালিকা প্ৰেমিকাক জোৰজৱৰদস্তি বিষ পান কৰায়৷ ঘটনাৰ পাছতে প্ৰেমিকৰ কৱলৰ পৰা  পলাই আহি নাবালিকাগৰাকীয়ে সমগ্ৰ ঘটনা অৱগত কৰে মাতৃক। পিছে নাবালিকাগৰাকীৰ মাতৃয়ে ততাতৈয়াকৈ নাবালিকা কন্যাক হাস্পতালত লৈ যোৱাৰ প্ৰস্তুতি লওঁতেই মৃত্যু হয় নাবালিকাৰ। মৃত নাবালিকাৰ পৰিয়ালৰ অভিযোগ, নাবালিকা জনী অন্তঃসত্ত্বা হোৱাৰ ঘটনা ঘাপ দিয়াৰ বাবেই প্ৰেমিক আদিত্য কৰ্মকাৰে বিষ পান কৰাই হত্যা কৰিছে। ঘটনা সন্দৰ্ভত মৃত নাবালিকাৰ পৰিয়ালে বিহাড়া আৰক্ষী চকীত ৰুজু প্ৰেমিৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ।  

Category
Profile picture for user UB Photos