আনলৈ হুল পুতি নিজে মৰে ফুটি! বিদেশী জাহাজলৈ পতা ফান্দত পৰি মৃত্যু ৫৫ চীনা নৌ-সেনাৰ....

chin

কথাতে কয় আনলৈ হুল পুতি নিজে মৰে ফুটি, সেই একে কান্দই সংঘটিত হ'ল চীনৰ লগত। বিদেশী জাহাজলৈ পতা ফান্দত পৰি মৃত্যু ৫৫ চীনা নৌ-সেনাৰ।

উল্লেখ্য যে, পাৰমাণৱিক ছাবমেৰিন পানীৰ তলত আবদ্ধ। ৫৫জন চীনা নাৱিক মৃত্যু হোৱাৰ আশংকা। ইয়াৰ ভিতৰত ২২জন বিষয়া, ৭জন ক্ৰেডেট, ৯জন ক্ষুদ্ৰ বিষয়া, ১৭জন নাৱিক আছিল। আনহাতে, মৃতসকলৰ ভিতৰত আছে কৰ্ণেল জু ইয়ং পেং। পশ্চিমীয়া চোৰাংচোৱাৰ প্ৰতিবেদনত এই ভয়ংকৰ তথ্য পোৱা গৈছে।

china

এই কথা চীন প্ৰশাসনে অস্বীকাৰ কৰিছে। অক্সিজেন প্ৰণালীৰ বিফলতাৰ পিছত শ্বাসৰুদ্ধ হৈ আটাইকেইজনৰ মৃত্যু হোৱা বুলি জনায় চীন প্ৰশাসনে। ২১ আগষ্টত হালধীয়া সাগৰত অভিযান চলাই থাকোঁতেই সংঘটিত হয় এই অঘটন।

কেনেকৈ কি পৰিস্থিতিত এই অঘটন এতিয়াও অহা নাই সঠিক তথ্য? চোৰাংচোৱা বিশেষজ্ঞৰ প্ৰতিবেদনত ওলাইছে আন এক তথ্য।


চীনৰ শ্যানদং প্ৰদেশৰ পৰা লুকাই থকা পশ্চিমীয়া জাহাজসমূহক ফান্দত পেলোৱাৰ উদ্দেশ্যে এটা শৃংখল আৰু এংকৰ ফান্দত আঘাত কৰিছিল। ৩৫১ ফুট ওপৰৰ অক্সিজেন প্ৰণালীৰ প্ৰলয়ংকৰী বিফলতাৰ পিছতেই শ্বাসৰুদ্ধ হৈছিল কৰ্মচাৰীসকল। ফান্দটোৱে অক্সিজেন প্ৰণালীটো কঁপাই তুলিছিল নে অক্সিজেন প্ৰণালীৰ বিফলতাৰ পিছতেই শ্বাসৰুদ্ধকৰ হৈছিল সেয়া এতিয়াও অস্পষ্ট। ২১ আগষ্টত হালধীয়া সাগৰত অভিযান চলোৱাৰ সময়তেই সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো। 
 

Category
Profile picture for user UB Photos