মণিপুৰৰ দুই শিক্ষাৰ্থীৰ হত্যাৰ গোচৰত ৪জনক গ্ৰেপ্তাৰ, বৰ্তমানো তদন্ত অব্যাহত CBI ৰ........

manipur

দেওবাৰে মণিপুৰত দুই শিক্ষাৰ্থীক হত্যাৰ গোচৰত CBIয়ে ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মণিপুৰৰ পাহাৰীয়া জিলা চূড়াচান্দপুৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে দুগৰাকী মহিলাসহ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তকেইটা পাওমিনলুন হাওকিপ, মালছাৱন হাওকিপ, লিংনেইচং বাইটে আৰু টিননেইখল বুলি চিনাক্ত কৰা হৈছে। 

গ্ৰেপ্তাৰ হোৱাৰ পিছতে CBIয়ে আটাইকে গুৱাহাটীলৈ লৈ আনে। খবৰ অনুসৰি এই চাৰিটা অভিযুক্তৰ সৈতে এটা অভিযুক্ত দম্পতীৰ ৯ বছৰীয়া আৰু ১১ বছৰীয়া দুই সন্তানকো গুৱাহাটীলৈ অনা হয়। দুয়োকে নিৰাপত্তাৰ বাবে কামৰূপ মহানগৰ জিলাৰ শিশু সুৰক্ষা বিষয়াক অৰ্পণ কৰা হৈছে। ঘটনা সন্দৰ্ভত মণিপুৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দোষীয়ে সৰ্বোচ্চ শাস্তি পোৱাৰ ক্ষেত্ৰত চৰকাৰে সকলো কৰিব বুলি মন্তব্য কৰিছে।

Manipur

মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে জুলাইত সংঘটিত হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ হত্যাকাণ্ডই শেহতীয়াকৈ মণিপুৰ জোকাৰি গৈছে। জুলাইতে মণিপুৰৰ চূড়াচন্দপুৰৰ পৰা কোচিং ক্লাছলৈ বুলি মটৰ চাইকেলেৰে ওলাই যোৱা ১৭ বছৰীয়া দুই শিক্ষাৰ্থী নোহোৱা হৈছিল। ছেপ্টেম্বৰৰ শেষৰ সপ্তাহত দুগৰাকী শিক্ষাৰ্থীৰ মৃতদেহৰ ফটো ভাইৰেল হৈ পৰে। ফটোখন হাবিৰ মাজত এটা সশস্ত্ৰ সংগঠনৰ শিবিৰত উঠোৱা। ফটোত থকা শিক্ষাৰ্থী দুগৰাকী, জুলাইতে সন্ধানহীন হোৱা, বহু বিচাৰ খোচাৰ কৰিও সন্ধান নোপোৱা,  শিক্ষাৰ্থী দুগৰাকীৰে বুলি নিশ্চিত হোৱাৰ পাছত হত্যাকাণ্ডৰে জড়িতক গ্ৰেপ্তাৰৰ দাবীৰে মণিপুৰত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

লক্ষণীয়ভাৱে, CBIক হস্তান্তৰ কৰা ১১টা গোচৰৰ ভিতৰত এই গোচৰটোও আছিল অন্যতম। ঘটনা সন্দৰ্ভত তদন্তৰ বাবে CBI স্পেচিয়েল ডিৰেক্টৰ অজয় ভাটনগৰৰ নেতৃত্বত এটা দল ২৭ ছেপ্টেম্বৰত মণিপুৰত উপস্থিত হৈছিল। আৰু তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰে ৪ অভিযুক্তক।

Category
Profile picture for user UB Photos