চন্দ্ৰগ্ৰহণৰ পাছতে সলনি হ'ব ৫ ৰাশি জাতকৰ ভাগ্য! এই ৫ ৰাশি জাতকৰ ভিতৰত আপোনাৰো আছে নেকি? জানো আহক.......

lunar

বৈদিক জ্যোতিষ অনুসৰি, আগন্তুক অক্টোবৰ মাহটো সকলোৰে বাবে বিশেষ। দুৰ্গা পূজা, লক্ষ্মী পূজাৰ লগতে ১৫ দিনৰ ব্যৱধানতেই পৰিছে দুটাকৈ গ্ৰহণ। ইয়াৰোপৰি এই মাহতেই ৰাশি পৰিবৰ্তন কৰিব ৰাহু, কন্যা আৰু কেতুৱে।

উল্লেখ্য যে, আগন্তুক ৩০ অক্টোবৰত বক্ৰী গতিত থাকি তুলাৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰিব ৰাহু আৰু কেতুৱে। ইয়াৰ পূৰ্ৱে ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰিব শনিয়ে। অক্টোবৰ মাহত এই তিনিটা গ্ৰহৰ স্থান পৰিৱৰ্তনে চন্দ্ৰগ্ৰহণৰ পূৰ্বেই ভাগ্য উদয় কৰিব পাচঁ ৰাশি জাতকৰ।

কোন কোন ৰাশিৰ ভাগ্য উদয় হ'ব জানো আহক?

মেষ ৰাশি -

megh

চন্দ্ৰগ্ৰহণৰ পাছতেই ভাগ্যৰ দুৱাৰ মুকলি হ'ব মেষ ৰাশিৰ জাতকৰ। এই সময়ত প্ৰচুৰ ধন হাতলৈ আহিব। উপাৰ্জনৰ নতুন উৎস লাভ কৰিব মেষ ৰাশিৰ জাতকে। পৰিয়ালৰ সৈতে আনন্দৰ পৰিবেশে বিৰাজ কৰিব। ৰাশি পৰিবৰ্তন কৰিব ৰাহুৱে। ৰাহুৰ স্থান পৰিবৰ্তনত অশুভ গুৰু চণ্ডাল দোষৰ পৰা মুক্তি লাভ কৰিব। ইয়াৰ ফলতেই সমৃদ্ধি বাঢ়িব আপোনাৰ। নিজৰ ব্যৱসায়ক আগুৱাই নিবলৈ সুযোগ পাব মেষ ৰাশিৰ জাতকে।

মিথুন ৰাশি -

ger

অক্টোবৰৰ শনি, ৰাহু আৰু কেতুৱে স্থান পৰিবৰ্তন কৰাৰ ফলত জীৱনত কেইবাটাও শুভ পৰিবৰ্তন আহিব। বহু দিন ধৰি কৰি থকা কামত সফলতা লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে সুফল পাব। পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ যোগ। বজৰংবলীৰ পূজা কৰক।

কর্কট ৰাশি -

kk

চন্দ্ৰগ্ৰহণৰ পাছত ব্যৱসায়ত সফলতা পাব কৰ্কট ৰাশিৰ জাতকে। ৰৈ যোৱা কাম সমাপন হ'ব। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। সুযোগ হাতৰ পৰা আঁতৰি যাব পাৰে সেয়ে বুদ্ধিৰে কাম কৰিলে সফলতা পাব। ঘৰৰ ডাঙৰ সকলৰ পৰামৰ্শ ল'লে আপোনাৰ উপকাৰ হ'ব।

সিংহ ৰাশি -

leo

ৰাহু, কেতু আৰু শনিৰ স্থান পৰিবৰ্তনৰ ফলত জীৱনত বহু সাল সলনি হ'ব সিংহ ৰাশিৰ জাতকৰ। ব্যৱসায় সম্প্ৰসাৰিত হ'ব। অফিচ প্রমোছন পাব। পৰিয়ালত সুখ শান্তিৰ পৰিবেশ থাকিব। আনক সহায় কৰি মানসিক শাস্তি পাব। কেৰিয়াৰ সংক্ৰান্তীয় কোনো কামত ভাল খবৰ লাভ কৰিব। যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিব।

তুলা ৰাশি -

tula

চন্দ্ৰগ্ৰহণৰ পাছৰ পৰাই ভাগ্যৰ উন্নতি হ'ব তুলা ৰাশিৰ জাতকৰ। এই সময়ত আপোনাৰ দাম্পত্য জীৱনত প্ৰেম বাঢ়িব। সন্তানৰ পঢ়া লেখাত গুৰুত্ব দিয়ক। বন্ধুৰ সৈতে সু সময় কটাব তুলা ৰাশিৰ জাতকে। গ্ৰহৰ শুভ প্ৰভাৱত লটাৰী জিকিব পাৰিব। উত্তৰাধিকাৰ সুত্ৰে সম্পত্তি লাভ কৰিব।

Category
Profile picture for user UB Photos