আত্মঘাতী বিস্ফোৰণত কঁপিল পাকিস্তান, ৫২ জনৰ মৃত্যু, আহত ১৩০ৰো অধিক..........

pakishtan

শুকুৰবাৰে পাকিস্তানৰ বেলুচিস্তানৰ এটা মছজিদৰ সমীপত সংঘটিত হয় এক শক্তিশালী বিস্ফোৰণ। এই আত্মঘাতী বিস্ফোৰণত ৫২জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৩০জনৰো অধিক লোক আহত হয়। 

উল্লেখ্য যে, নিহতসকলৰ ভিতৰত মাষ্টুঙৰ উপ আৰক্ষী অধীক্ষক নৱাজ গিছকোৰীৰ গাড়ীৰ সমীপত আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ ঘটাইছিল। ঘটনাৰ কেইবাখনো ছবিত মৃতদেহ আৰু ছিন্ন ভিন্ন অংগ-প্ৰত্যংগ দেখা গৈছে।

pakishtan

জানিব পৰা মতে, ঈদ–মিলাদ–উন–নবী উপলক্ষে মছজিদৰ বাহিৰত এটা ৰেলীৰ বাবে বহু লোকৰ সমাগম হৈছিল। সেই সময়তে সংঘটিত হয় এই বিস্ফোৰণ।  বিস্ফোৰণত কমেও ৫২জন লোকৰ মৃত্যু হৈছে আৰু ১৩০ জনৰো অধিক আহত হৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি, একাংশ আহত লোকৰ অৱস্থা সংকটজনক। 

Category
Profile picture for user UB Photos