এক শিহৰণকাৰী ঘটনা! এগৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হোৱাৰ বাবেই জ্বলাই দিলে মাক আৰু ককায়েকে......

Crime

যোগীৰাজ্য উত্তৰ প্ৰদেশৰ হাপুৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এগৰাকী ২৩ বছৰীয়া অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰিল। এই খবৰটোৱে পৰিয়ালক লোকে পোৱাৰ পিছতে খঙত অগ্নি দগ্ধ হৈ পৰে পৰিয়ালৰ লোক।

আৰক্ষীয়ে জনোৱা অনুসৰি, যুৱতীগৰাকীৰ পৰিয়ালে গৰ্ভৱতী বুলি গম পোৱাৰ পিছতে যুৱতীগৰাকীক টানি টানি হাবিলৈ লৈ যায়, পেট্ৰ’ল ছটিয়াই জীৱিত অৱস্থাত জ্বলাই দিয়াৰ চেষ্টা কৰে। যুৱতীগৰাকী বাচি যায় যদিও তেওঁৰ অৱস্থা সংকটজনক।

নৱাদা খুৰদ গাঁৱত সংঘটিত হৈছে এই ঘটনা। শৰীৰৰ ৭০ শতাংশতকৈ অধিক অংশ জ্বলি যোৱাৰ ফলত সংকটজনক অৱস্থাত থকা যুৱতীগৰাকীক চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ মতে, যুৱতীগৰাকী একেখন গাঁৱৰ এজন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল আৰু গৰ্ভৱতী হৈছিল। যেতিয়া তাইৰ পৰিয়ালৰ লোকে এই কথা গম পালে, তেতিয়া তেওঁলোক ক্ষুব্ধ হৈ পৰে।

২৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃয়ে তেওঁক ওচৰৰ হাবিলৈ লৈ যায় আৰু তাতেই যুৱতীগৰাকীৰ ওপৰত পেট্ৰল ছটিয়াই জুই লগাই দিয়ে। গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় যে, কিশোৰীগৰাকীৰ মাতৃ আৰু ভাতৃৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। লগতে যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃক জিম্মাত লোৱা হৈছে।
 

Category
Profile picture for user UB Photos