ইৰাকৰ অল-হমদানিয়া জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন বিবাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। খবৰ অনুসৰি বিবাহ অভ্যৰ্থনা অনুষ্ঠানত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ যায় শতাধিক লোকৰ।
উল্লেখ্য যে, অগ্নিকাণ্ডটোত এই পৰ্যন্ত ১১৫জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহতৰ সংখ্যা হৈছে ডেৰ শতাধিক। ইপিনে মৃতকৰ ভিতৰত দৰা-কইনাও থকাৰ কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।
উল্লেখযোগ্য যে, আতচবাজীৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। অৱশ্যে ঘটনাৰ সন্দৰ্ভত উদ্ধাৰ অভিযানৰ লগতে প্ৰাথমিক তদন্তও সম্পন্ন কৰিছে জিলাখনৰ প্ৰশাসনে।
- Log in to post comments